ভাৰতত মুকলি হ’ল Redmi 7A স্মাৰ্টফোন, মূল্য ৬ হাজাৰতকৈ কম, ১৭ দিনলৈ চলিব বেটাৰী

গ্ৰাহকে এই স্মাৰ্টফোনটো ১১ জুলাইৰ পৰা ফ্লিপকাৰ্ট, Mi.com আৰু Mi Homeৰ পৰা কিনিব পাৰিব।

news18assam
Updated:July 4, 2019, 4:36 PM IST
ভাৰতত মুকলি হ’ল Redmi 7A স্মাৰ্টফোন, মূল্য ৬ হাজাৰতকৈ কম, ১৭ দিনলৈ চলিব বেটাৰী
গ্ৰাহকে এই স্মাৰ্টফোনটো ১১ জুলাইৰ পৰা ফ্লিপকাৰ্ট, Mi.com আৰু Mi Homeৰ পৰা কিনিব পাৰিব।
news18assam
Updated: July 4, 2019, 4:36 PM IST
Xiaomi-এ ভাৰতত মুকলি কৰিছে আৰু এটা আকৰ্ষণীয় স্মাৰ্টফোন। কোম্পানীটোৱে এই ফোনটো দুটা ভেৰিয়েণ্টত আগবঢ়াইছে গ্ৰাহকলৈ। ইয়াৰ 2G‍B RAM+16GB ষ্ট’ৰেজ ভেৰিয়েণ্টযুক্ত ফোনটোৰ দাম ৫,৯৯৯ টকা। আনহাতে, 2GB RAM+32GB ষ্ট’ৰেজ থকা ফোনটোৰ দাম হৈছে ৬,১৯৯ টকা।

গ্ৰাহকে এই স্মাৰ্টফোনটো ১১ জুলাইৰ পৰা ফ্লিপকাৰ্ট, Mi.com আৰু Mi Homeৰ পৰা কিনিব পাৰিব। কোম্পানীটোৱে ভাৰতত নিজৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে Redmi 7A স্মাৰ্টফোনত আগবঢ়াইছে আকৰ্ষণীয় অফাৰ। সেই অনুসৰি জুলাইত Redmi 7A ফোনটো কিনা গ্ৰাহকসকলে পাব ২০০ টকাৰ ৰেহাই।



অৰ্থাৎ 2GB RAM+16GB ষ্ট’ৰেজ থকা ফোনটো ৫,৭৯৯ টকাতে কিনিব পাৰিব গ্ৰাহকে। ইফালে, 2GB RAM+32GB ষ্ট’ৰেজ থকা ফোনটো ৫,৯৯৯ টকাত কিনিব পাৰিব। স্মাৰ্টফোনটোত ডেডিকেটেড মাইক্ৰ’ এছ ডি কাৰ্ড দিয়া হৈছে। যাৰ সহায়ত আপুনি ফোনৰ ষ্ট’ৰেজ 256GBলৈ বঢ়াব পাৰিব।

Redmi 7A স্মাৰ্ট ফোনত দিয়া হৈছে 5.45 ইঞ্চিৰ ডিছপ্লে’। ইয়াৰ ৰিজলুশ্যন 720X1440 পিকছেল। কোৱালকাম স্নেপড্ৰেগন ৪৩৯ অক্টা–ক’ৰ প্ৰছেছৰত কাম কৰিব এই ফোনটোৱে। লগতে আছে 10W চাৰ্জিঙৰ সৈতে 4,000 mAhৰ বেটাৰী। কোম্পানীৰ দাবী ইয়াৰ বেটাৰী ১৭দিন পৰ্যন্ত চলিব।
আৰু চাওক পৰৱৰ্তী বাতৰি