Xiaomi-এ আগ‍ঢ়াইছে শিশুৰ কাৰণে নতুন প্ৰডাক্ট, সৃষ্টিশীলতা আৰু মনোযোগ বৃদ্ধিৰ দাবী

কোম্পানীৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি এয়া এক ক্ৰাউডফাণ্ডিং প্ৰডাক্ট, ইয়াৰ মূল্য ১,১৯৯টকা ৰখা হৈছে। 

news18assam
Updated:July 2, 2019, 2:21 PM IST
Xiaomi-এ আগ‍ঢ়াইছে শিশুৰ কাৰণে নতুন প্ৰডাক্ট, সৃষ্টিশীলতা আৰু মনোযোগ বৃদ্ধিৰ দাবী
কোম্পানীৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি এয়া এক ক্ৰাউডফাণ্ডিং প্ৰডাক্ট, ইয়াৰ মূল্য ১,১৯৯টকা ৰখা হৈছে। 
news18assam
Updated: July 2, 2019, 2:21 PM IST
Xiaomiৰ স্মাৰ্টফোন আৰু স্মাৰ্ট TVৰ পিছত ভাৰতত নতুন কেটেগৰীৰ প্ৰডাক্ট আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে কোম্পানীটোৱে। জুলাইত কোম্পানীৰ ৫বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ছিয়’মীয়ে নতুন ব্যৱসায় ‘পুতলা’ নিৰ্মানত মনোনিবেশ কৰিছে। মঙলবাৰে Xiaomi–এ ভাৰতত Mi Truck Builder আগবঢ়ায়। কোম্পানীৰ অফিচিয়েল ৱেবছইাটত প্ৰকাশ পোৱা মতে এইটো এক ক্ৰাউডফাণ্ডিং সামগ্ৰী আৰু ইয়াৰ মূল্য ১,১৯৯টকা।

কোম্পানীটোৰ দাবী Mi Truck Builder আগবঢ়োৱাৰ উদ্দেশ্য শিশুসকলৰ মাজত সৃষ্টিশীলতা আৰু মনোযোগ বৃদ্ধি কৰা। Mi ট্ৰাক বিল্ডৰত ৫৩০ বিল্ডিং ব্লকচ দিয়া হৈছে আৰু এয়া এক টু ইন ৱান বক্স মডেল হয়।

শিশুসকলৰ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি এই MI ট্ৰাকত ড্যুৰেবল ABS আৰু PC মেটেৰিয়েলৰ ব্যৱহাৰ কৰা হৈছে। ইয়াত থকা ৫৩০+2 ইন ৱান মডেল কানেক্ট কৰি শিশুৱে বুলডজাৰ অথবা ট্ৰাক নিৰ্মান কৰিব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি