হাতৰ মুঠিতে লৈ ফুৰক লেপটপ, আমেৰিকাৰ অভিযন্তাই নিৰ্মাণ কৰিলে বিশ্বৰ ক্ষুদ্ৰতম লেপটপ!

আকাৰত কিমান হ’ব পাৰে বিশ্বৰ ক্ষুদ্ৰতম লেপটপটো!

News18-Assam
Updated:August 5, 2019, 10:20 AM IST
হাতৰ মুঠিতে লৈ ফুৰক লেপটপ, আমেৰিকাৰ অভিযন্তাই নিৰ্মাণ কৰিলে বিশ্বৰ ক্ষুদ্ৰতম লেপটপ!
আকাৰত কিমান হ’ব পাৰে বিশ্বৰ ক্ষুদ্ৰতম লেপটপটো!
News18-Assam
Updated: August 5, 2019, 10:20 AM IST
আকাৰত কিমান হ’ব পাৰে বিশ্বৰ ক্ষুদ্ৰতম লেপটপ! এতিয়া বেগত লেপটপ লৈ ফুৰিব নালাগে ব্যৱহাৰকাৰীয়ে। নিজৰ হাতত মুঠিতে ৰাখিব পাৰিব নিজৰ লেপটপ! আমেৰিকাৰ অভিযন্তা পল ক্লিঙ্গৰে নিৰ্মাণ কৰিছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম লেপটপটো! নাম ‘Think Tiny’!



অভিযন্তাগৰাকীয়ে মাত্ৰ এসপ্তাহতে নৰ্মাণ কৰিছে এই লেপটপটো। নিৰ্মাণত মুঠ ব্যয় হৈছে ৮৫ ডলাৰ অথাৎ প্ৰায় ৬ হাজাৰ টকা। । মিনি লেপটপটোত ৩ বিধকৈ গেম খেলাৰ সুবিধাও ৰাখিছে অভিযন্তা পল ক্লিঙ্গৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে পল ক্লিঙ্গৰে এটা ক্ষুদ্ৰ গেমিং ডেস্কটপো নিৰ্মাণ কৰিছিল।

 

এই লেপটপটোত সংস্থাপন কৰা হৈছে ১২৮x৬৪ পিক্সল OLED ডিচপ্লে’। লগতে লেপটপটোত আছে ATtiny 1614 নামৰ এটা ৰঙা ৰঙৰ কন্টল বুটাম। ৩০০ এম এ এইচৰ বেটেৰীৰ সৈতে আছে TP 5400 ৰ এডাল ছাৰ্জাৰ

চাওক লেপটপটো




আৰু চাওক পৰৱৰ্তী বাতৰি