লাডাখত স্থাপন কৰা হ’ব শক্তিশালী টি এম টি! কিন্তু কি এই টি এম টি

৮ মহলীয়া অট্টালিকাৰ সমান বিশ্বৰ এই শক্তিশালী টি এম টি!

news18assam
Updated:June 12, 2019, 7:59 AM IST
লাডাখত স্থাপন কৰা হ’ব শক্তিশালী টি এম টি! কিন্তু কি এই টি এম টি
৮ মহলীয়া অট্টালিকাৰ সমান বিশ্বৰ এই শক্তিশালী টি এম টি!
news18assam
Updated: June 12, 2019, 7:59 AM IST
২০২২ চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’ব টি এম টি নামৰ বিশ্বৰ সবাতোটকৈ ওখ দূৰবীণ যন্ত্ৰটো। প্ৰায় ৩০ মিটাৰ দীঘল অত্যাধুনীক প্ৰযুক্তিৰে নিৰ্মিত এই দূৰবীণ যন্ত্ৰটো। এই দূৰবীণটোৰ সহায়ত প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্বত থকা এটা সৰু পদাৰ্থকো অতি সহজে দেখা পোৱা যাব। সেইদৰে পৃথিৱীৰ বাহিৰতো জীৱৰ অস্তিত্ব আছে নে নাই, মহাকাশত কি কি ৰহস্য লুকাই আছে এনে বোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হ’ব এই যন্ত্ৰটোৰ সহায়ত।এই দূৰবীণটো নিৰ্মাণৰ বাবে ভাৰতৰ বিজ্ঞানীসকলেও লৈছে এক গুৰুত্বপূৰ্ণ ভুমিকা।

প্ৰথমে আমেৰিকাৰ হাৱাই দ্বীপত এই সু–উচ্চ দূৰবীণটো স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । কিন্তু অঞ্চলটোৰ জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদৰ বাবে এতিয়া দূৰবীণটো স্থাপনৰ বিকল্প স্থান হিচাপে লাডাখৰ হানলে নামৰ গাঁওখন বাছি উলিওৱা হৈছে। যদিহে লাডাখত এই উন্নত প্ৰযুক্তিৰ দূৰবীণটো স্থাপন কৰা হয় তেন্তে ভাৰত বৰ্ষ প্ৰযুক্তিগত দিশত যে আৰু এখোজ আগুৱাই যাব সেয়া নিশ্চিত।
আৰু চাওক পৰৱৰ্তী বাতৰি