ক’ত আৰু কি অৱস্থাত আছে চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰম? তিনিদিন পিছত খোল খাব ৰহস্য!

অৰ্বিটাৰত সংলগ্ন অত্যাধুনিক উপকৰণৰ সহায়ত শীঘ্ৰে এই সকলো প্ৰশ্নৰ উত্তৰ পোৱা যাব বুলি আশা কৰা হৈছে।

News18-Assam
Updated:September 8, 2019, 12:10 PM IST
ক’ত আৰু কি অৱস্থাত আছে চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰম? তিনিদিন পিছত খোল খাব ৰহস্য!
অৰ্বিটাৰত সংলগ্ন অত্যাধুনিক উপকৰণৰ সহায়ত শীঘ্ৰে এই সকলো প্ৰশ্নৰ উত্তৰ পোৱা যাব বুলি আশা কৰা হৈছে।
News18-Assam
Updated: September 8, 2019, 12:10 PM IST
চন্দ্ৰত অৱতৰণৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ISROৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল চন্দ্ৰযান–২ৰ। সংযোগ বিচ্ছিন্ন হোৱাৰ পিছৰে পৰা চন্দ্ৰযান–২ৰ অৱস্থিতিৰ বিষয়ে কোনো তথ্য জানিব পৰা হোৱা নাই। অৱশ্যে ISROৰ বিজ্ঞানীসকলে এতিয়াও আশা এৰি দিয়া নাই। শুকুৰবাৰে নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণৰ আগ মুহূৰ্তত পৃথিৱীৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল চন্দ্ৰযান–২ৰ। সেই সময়ত চন্দ্ৰপৃষ্ঠৰ পৰা মাথোঁ ২.১ কিলোমিটাৰ দূৰত আছিল লেণ্ডাৰ বিক্ৰম।

লেণ্ডাৰ বিক্ৰমৰ কি হ’ল আৰু এতিয়া ক’ত কি অৱস্থাত আছে তাক লৈ এতিয়াও কোনো তথ্য লাভ কৰা নাই ISROই। বিজ্ঞানীসকলে সম্পূৰ্ণ বিশ্বাস ৰাখিছে যে তিনিদিনৰ ভিতৰত এই ৰহস্যৰ অৱসান ঘটিব। অৰ্বিটাৰত সংলগ্ন অত্যাধুনিক উপকৰণৰ সহায়ত শীঘ্ৰে এই সকলো প্ৰশ্নৰ উত্তৰ পোৱা যাব বুলি আশা কৰা হৈছে।

সূত্ৰ অনুসৰি, ISROৰ বিজ্ঞানীসকলে তিনিদিনৰ ভিতৰত লেণ্ডাৰ বিক্ৰমক বিচাৰি উলিয়াবলৈ সক্ষম হ’ব। আচলতে, য’ত লেণ্ডাৰ বিক্ৰমৰ সংযোগ বিচ্ছিন্ন হৈছিল, সেই স্থান পাবলৈ অৰ্বিটাৰক লাগিব তিনিদিন সময়। বিজ্ঞানীসকলৰ মতে, অৱতৰণৰ স্থানৰ সম্পূৰ্ণ তথ্য আছে। অন্তিম সময়ত লেণ্ডাৰ বিক্ৰম পথচ্যুত হৈছিল। সেইবাবে এতিয়া অৰ্বিটাৰত থকা তিনিটা উপকৰণৰ সহায়ত লেণ্ডাৰ বিক্ৰমক বিচৰাৰ চেষ্টা চলাব বিজ্ঞানীসকলে।

উল্লেখযোগ্য যে অৰ্বিটাৰত থকা SAR (ছিন্থেটিক আপাৰ্চাৰ ৰেডাৰ), IR স্পেকট্ৰ’মিটাৰ আৰু কেমেৰাৰ সহায়ত ১০X১০ কিলোমিটাৰ এলেকা নিৰীক্ষণ কৰিব পৰা যাব। বিজ্ঞানীসকলৰ মতে, লেণ্ডাৰ বিক্ৰমৰ সন্ধানৰ বাবে এই এলেকাৰ হাই ৰিজলিউচনৰ ফটো সংগ্ৰহ কৰিব লাগিব।



বিজ্ঞানীসকলৰ মতে, যদি লেণ্ডাৰ বিক্ৰমে ক্ৰেছ লেণ্ডিং কৰিছে তেন্তে টুকুৰা–টুকুৰ হৈ যাব পাৰে। এনে পৰিস্থিতিত বিক্ৰমক বিচৰা আৰু সম্পৰ্ক স্থাপন কৰাটো কঠিন হ’ব। কিন্তু যদি লেণ্ডাৰ বিক্ৰমৰ কোনো ক্ষতিসাধন হোৱা নাই তেন্তে হাই ৰিজলিউচন ফটোৰ জৰিয়তে ইয়াৰ সন্ধান উলিয়াব পৰা যাব পাৰে। ইয়াৰ পূৰ্বে ISROৰ মুৰব্বী কে সিৱনেও কৈছিল যে আগন্তুক ১৪ দিনলৈ লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা অব্যাহত থাকিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি