Good News: WhatsAppত Voice Message দিয়াসকলৰ বাবে নতুন features ! জানক কেনেকৈ ই আপোনাক সহায় কৰিব ?

News18 Assam | News18-Assam
Updated:June 8, 2021, 3:38 PM IST
Good News: WhatsAppত  Voice Message দিয়াসকলৰ বাবে নতুন features ! জানক কেনেকৈ ই আপোনাক সহায় কৰিব ?
কোম্পানীটোৱে ইতিমধ্যে iOS-ৰ বাবে এই সুবিধাটো বিকশিত কৰি আছিল আৰু এতিয়া এণ্ড্ৰইড সংস্কৰণৰ বাবেও বিকশিত কৰা হৈছে। হোৱাটছএপে ব্যৱহাৰকাৰীসকলৰ বাবে এটা সুবিধা লৈ আহিছে যিয়ে ব্যৱহাৰকাৰীসকলক চেটিঙৰ জৰিয়তে প্ৰেৰণ কৰাৰ পূৰ্বেই ভইচ মেচেজ শুনিবলৈ অনুমতি দিব।

কোম্পানীটোৱে ইতিমধ্যে iOS-ৰ বাবে এই সুবিধাটো বিকশিত কৰি আছিল আৰু এতিয়া এণ্ড্ৰইড সংস্কৰণৰ বাবেও বিকশিত কৰা হৈছে। হোৱাটছএপে ব্যৱহাৰকাৰীসকলৰ বাবে এটা সুবিধা লৈ আহিছে যিয়ে ব্যৱহাৰকাৰীসকলক চেটিঙৰ জৰিয়তে প্ৰেৰণ কৰাৰ পূৰ্বেই ভইচ মেচেজ শুনিবলৈ অনুমতি দিব।

  • Share this:
হোৱাটছএপ (WhatsApp)ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ। এইবাৰ ভইচ মেছেজ (Voice Messages)ৰ ক্ষেত্ৰতো নতুন সুবিধা আনিছে হোৱাটছএপে। গ্ৰাহকসকলক নতুন নতুন সুবিধা প্ৰদান হোৱাটছএপত এতিয়া ব্যৱহাৰকাৰীসকলৰ চেটিং অভিজ্ঞতা আৰু অধিক সুন্দৰ হ'ব।

হোৱাটছএপে ব্যৱহাৰকাৰীসকলৰ বাবে এটা সুবিধা লৈ আহিছে যিয়ে ব্যৱহাৰকাৰীসকলক চেটিঙৰ জৰিয়তে প্ৰেৰণ কৰাৰ পূৰ্বেই ভইচ মেচেজ শুনিবলৈ অনুমতি দিব। WABetaInfo মতে, কোম্পানীটোৱে এণ্ড্ৰইডৰ বাবে হোৱাটছএপ বিটা সংস্কৰণ (version) নম্বৰ 2.21.12.7 ৰ সৈতে নতুন সুবিধাটো আৰম্ভ কৰিছে। বিশ্বব্যাপী ব্যৱহাৰকাৰীসকলৰ বাবে এই আপডেটৰ এটা স্থিৰ সংস্কৰণো (Stable version)সোনকালেই প্ৰৱৰ্তন কৰা হ'ব বুলি আশা কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, কোম্পানীটোৱে ইতিমধ্যে iOS-ৰ বাবে এই সুবিধাটো বিকশিত কৰি আছিল আৰু এতিয়া এণ্ড্ৰইড সংস্কৰণৰ বাবেও বিকশিত কৰা হৈছে। উল্লেখ্য যে, হোৱাটছএপত পূৰ্বেও ভইচ মেচেজৰ পুনৰীক্ষণ কৰাৰ ফিচাৰ্ছ উপলব্ধ আছিল।

নতুন আপডেটৰ সৈতে উপলব্ধ এই সুবিধাটোৰ পিছত, ব্যৱহাৰকাৰীসকলে সহজে প্ৰেৰণ কৰাৰ পূৰ্বে ৰেকৰ্ড কৰা বাৰ্তাবোৰ শুনিবলৈ সক্ষম হ'ব।
WABetaInfo কৈছিল যে এই সুবিধাৰ সৈতে, ব্যৱহাৰকাৰীসকলে ষ্টপ বুটামটো টেপ কৰি ভইচ মেচেজটো শুনিবলৈ সক্ষম হ'ব। য'ত ব্যৱহাৰকাৰীসকলে এতিয়াও হোৱাটছএপত বাতিল (Cancel) কৰাৰ বিকল্প লাভ কৰে, ৰেকৰ্ড কৰা বাৰ্তাটো নুশুনাকৈয়ে পোনপটীয়াকৈ ডিলিট কৰা হয়। যেতিয়া এই সুবিধাটো আহিব এই বুটামটোৱে বাতিলক (Cancel) ষ্টপলৈ (Stop) সলনি কৰিব। এই সুবিধাটোৱে ভইচ মেচেজ প্ৰেৰণ কৰা ব্যৱহাৰকাৰীৰ বাবে ইয়াক অধিক সহজ কৰি তুলিব, আৰু তেওঁলোকে ভুলতে প্ৰেৰণ হোৱা বাৰ্তাবোৰ বা অশুদ্ধকৈ যোৱা বাৰ্তাবোৰ শুনি লৈ ডিলিট কৰিব পাৰে।

PlayBack ফিচাৰ্ছে কেনেদৰে কাম কৰিব -

কোম্পানীটোৱে ইয়াৰ পূৰ্বে ফাষ্ট প্লেবেক নামৰ এটা সুবিধা প্ৰৱৰ্তন কৰিছিল। এই সুবিধাটোৱে ব্যৱহাৰকাৰীসকললৈ অহা ভইচ মেছেজ সমূহৰ গতি 1x,1.5x বা 2x-ত ছেট কৰিবলৈ অনুমতি দিয়ে। যদি আপুনি এজন হোৱাটছএপ ব্যৱহাৰকাৰী আৰু কোম্পানীৰ নতুন সুবিধা Fast Playback ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি প্ৰথমে আপোনাৰ হোৱাটছএপ একাউণ্ট আপডেট কৰিব লাগিব। এই সুবিধাটোত আপুনি ডিফল্ট 1x ছেটিঙছৰ পৰা 1.5x স্পীড বা 2x স্পীড বাছনি কৰিব লাগিব। ইয়াৰ জৰিয়তে আপুনি ফাইলটো 5-% বা 100% অধিক স্পীডত চলাব পাৰিব।
Published by: Kokil Sarma
First published: June 8, 2021, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি