• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Bad News for WhatsApp Users : হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ, এতিয়াৰে পৰা নাথাকিব এইটো সুবিধা, নতুন কি ফিচাৰ আহিব জানি লওক...

Bad News for WhatsApp Users : হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ, এতিয়াৰে পৰা নাথাকিব এইটো সুবিধা, নতুন কি ফিচাৰ আহিব জানি লওক...

Whatsappত এইটো সুবিধা বন্ধ হ'ল

Whatsappত এইটো সুবিধা বন্ধ হ'ল

Bad News for WhatsApp Users : কোম্পানীটোৱে সুবিধাটোৰ ব্যৱহাৰকাৰীৰ সংখ্যাৰ নিৰীক্ষণ কৰি আছিল আৰু পৰিসংখ্যা অনুসৰি এই সুবিধাটো পৰ্যাপ্ত ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰা নাছিল, যাৰ বাবে ইয়াক আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

  • Share this:
হোৱাটছএপ (WhatsApp ) ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰ আনিছে কোম্পানীটোৱে। অচিৰেই WhatsAppত নাথাকিব এতিয়ৰ কেইবাটাও সুবিধাজনক ফিচাৰ।

জনপ্ৰিয় মেচেজিং এপ হোৱাটছএপ কিছু সময়ৰ পৰা বাতৰিৰ শিৰোনামত আছে। কিয়নো কোম্পানীটোৱে সকলো IOS আৰু এণ্ড্ৰইড (Android) ব্যৱহাৰকাৰীৰ বাবে মাল্টি-ডিভাইচ (multi-device) বিটা টেষ্ট আৰম্ভ কৰিছে। একে সময়তে, ফেচবুক অন এপ হোৱাটছএপে আৰু বহুতো সুবিধা লঞ্চ কৰাৰ বাবে কাম কৰি আছে। যেনে গ্ৰুপ আইকন এডিটৰ আৰু এণ্ড্ৰইড ফোনৰ পৰা আইফোনলৈ সকলো চাট (Chat) স্থানান্তৰ কৰা আদি। কিন্তু একে সময়তে কোম্পানীটোৱে হোৱাটছএপৰ পৰা কিছুমান সুবিধা আঁতৰাইও দিছে।

এতিয়াৰ পৰা WhatsAppত নাথাকিব এইটো সুবিধা- কোম্পানীটোৱে এটা সুবিধা হোৱাটছএপৰ পৰা আঁতৰাই দিছে যিটো এবছৰ আগতে এই জনপ্ৰিয় এপটোত যোগ কৰা হৈছিল।

আপুনি আৰু হোৱাটছএপত এতিয়াৰ পৰা মেচেঞ্জাৰ ৰুম সেৱা ব্যৱহাৰ কৰিবলৈ সক্ষম নহ'ব। WABetaInfoৰ বাতৰি অনুসৰি হোৱাটছএপ মেচেঞ্জাৰ ৰুম চৰ্ট কাট এতিয়া চাট শ্বেয়াৰ চিটৰ পৰা আঁতৰোৱা হ'ব। এই সুবিধাটো এণ্ড্ৰইড আৰু আইঅ'এছ দুয়োটা সংস্কৰণৰ পৰা আঁতৰোৱা হ'ব।

WABetaInfoৰ মতে কোম্পানীটোৱে সুবিধাটোৰ ব্যৱহাৰকাৰীৰ সংখ্যাৰ নিৰীক্ষণ কৰি আছিল আৰু পৰিসংখ্যা অনুসৰি এই সুবিধাটো পৰ্যাপ্ত ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰা নাছিল, যাৰ বাবে ইয়াক আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। এই সুবিধাটো হোৱাটছএপ বিটা IOS-2.21.190.11 আৰু হোৱাটছএপ বিটা এণ্ড্ৰইড 2.21.19.15 দুয়োটাতে ডিছএবল কৰা হৈছে।

হোৱাটছএপৰ এই চেট মেনুবোৰৰ পৰা মেচেঞ্জাৰ ৰুম চৰ্টকাট আঁতৰোৱাৰ পিছত ব্যৱহাৰকাৰীসকলে এতিয়া ডকুমেণ্ট, কেমেৰা, গেলেৰী, অডিঅ' আৰু কণ্টেক্ট চৰ্টকাট দেখা পাব।

ব্যৱহাৰকাৰীসকলে এইবোৰত টেপ কৰি তেওঁলোকৰ কণ্টেক্ট, ডাটা আৰু তথ্য শ্বেয়াৰ কৰিব পাৰিব। হোৱাটছএপে শেহতীয়া iOS বিটা সংস্কৰণত এটা নতুন সুবিধাও প্ৰৱৰ্তন কৰিছে, যাৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে অস্থায়ী গোট সৃষ্টি কৰোঁতে ইমোজি আৰু ষ্টিকাৰবোৰ দ্ৰুততাৰে গ্ৰুপ আইকন হিচাপে ছেট কৰিব পাৰে। জন্মদিনৰ পাৰ্টি বা অনুষ্ঠান বা যি কোনো সাময়িক কাৰ্যসূচীৰ বাবে অস্থায়ী গোট সৃষ্টি কৰোঁতে এই সুবিধাটো অতি উপযোগী হ'ব।
Published by:Manjumoni Borah
First published: