WhatsApp গ্ৰুপৰ নাম ৰাখোতে সাৱধান! WhatsApp–এ নিষিদ্ধ কৰিব পাৰে আপোনাক - ৰিপ’ৰ্ট

কোনো ব্যৱহাৰকাৰী যদি ভুলতো নিষিদ্ধ হৈ যায় তেন্তে WhatsAppৰ পৰা কোনো প্ৰত্যুত্তৰ নাহে। ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে বাধ্যত পৰি নিজৰ ফোন নম্বৰ সলনি কৰিব লাগিব।

News18-Assam
Updated:November 11, 2019, 7:18 AM IST
WhatsApp গ্ৰুপৰ নাম ৰাখোতে সাৱধান! WhatsApp–এ নিষিদ্ধ কৰিব পাৰে আপোনাক - ৰিপ’ৰ্ট
কোনো ব্যৱহাৰকাৰী যদি ভুলতো নিষিদ্ধ হৈ যায় তেন্তে WhatsAppৰ পৰা কোনো প্ৰত্যুত্তৰ নাহে। ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে বাধ্যত পৰি নিজৰ ফোন নম্বৰ সলনি কৰিব লাগিব।
News18-Assam
Updated: November 11, 2019, 7:18 AM IST
WhatsAppক লৈ ব্যৱহাৰকাৰীৰ মাজত সৃষ্টি হৈছে এক ডাঙৰ সমস্যাৰ। WABetaInfoত বিগত কিছুদিন ধৰি ব্যৱহাৰকাৰীয়ে ধাৰাবাহিকভাৱে ৰিপ’ৰ্ট কৰিছে যে তেওঁলোকক WhatsApp–এ নিষিদ্ধ কৰিছে। WA বিটাইনফ’ৰ তদন্তত পোহৰলৈ আহিছে যে WhatsApp–এ সেই ব্যৱহাৰকাৰীসকলক নিষিদ্ধ কৰিছে যিসকলে সন্দেহজনক গ্ৰুপত এড হৈ আছে।

কোৱা হৈছে যে প্ৰথমে Mowe11 নামৰ ব্যৱহাৰকাৰীয়ে ৰেডিট (Reddit)ত পোষ্ট কৰি ৰিপ’ৰ্ট কৰে। সেই লোকজন এখন বিশ্ববিদ্যালয়ৰ এটা গ্ৰুপত এড আছিল, সেই গ্ৰুপৰ এজন সদস্যই গ্ৰুপটোৰ নাম সলনি কৰি 'Child Porn' কৰিছিল। সেইবাবেই গ্ৰুপটোৰ সকলো সদস্যক WhatsApp–এ নিষিদ্ধ কৰে।



তদুপৰি ৰেডিটত আন এজন ব্যৱহাৰকাৰী FranciscoAlfaro–এ কয় যে তেওঁ নিজৰ বিদ্যালয়ৰ গ্ৰুপত এড হৈ আছে আৰু শেহতীয়াকৈ গ্ৰুপৰ সদস্যসকলক (১০০ ব্যৱহাৰকাৰী) নিষিদ্ধ কৰা হয়।



আন এক ৰিপ’ৰ্টতো পোহৰলৈ আহিছে এই কথা। এজন ব্যৱহাৰকাৰীয়ে কয় যে তেওঁক WhasApp গ্ৰুপৰ পৰা নিষিদ্ধ কৰা হৈছে। কিয়নো বন্ধুৱে গ্ৰুপৰ ছাবজেক্ট সন্দেহজনক ৰাখিছিল।



এনে অৱস্থাত কোনো ব্যৱহাৰকাৰী যদি ভুলতো নিষিদ্ধ হৈ যায় তেন্তে WhatsAppৰ পৰা কোনো প্ৰত্যুত্তৰ নাহে। ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে বাধ্যত পৰি নিজৰ ফোন নম্বৰ সলনি কৰিব লাগিব। উল্লেখযোগ্য যে নিষিদ্ধ হোৱাৰ পিছত ব্যৱহাৰকাৰীৰ সকলো Chat History ডিলিট হৈ যায়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি