আপোনাৰ WhatsAppত আহিছে নেকি এইটো মেছেজ? সাৱধান!

মেছেজটোত Adidasৰ জোতা বিনামূলীয়াকৈ দিয়াৰ ঘোষণাৰ লগতে দিয়া হৈছে এটা লিংক।

News18-Assam
Updated:September 30, 2019, 11:47 AM IST
আপোনাৰ WhatsAppত আহিছে নেকি এইটো মেছেজ? সাৱধান!
মেছেজটোত Adidasৰ জোতা বিনামূলীয়াকৈ দিয়াৰ ঘোষণাৰ লগতে দিয়া হৈছে এটা লিংক।
News18-Assam
Updated: September 30, 2019, 11:47 AM IST
WhatsApp প্ৰতিজন স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবে আটাইতকৈ প্ৰিয় মেছেজিং এপৰ ভিতৰত এটা। সেয়েহে প্ৰৱঞ্চকৰ টাৰ্গেট হৈ পৰে এই এপটো। মানুহক প্ৰৱঞ্চনা কৰিবলৈ দুষ্টচক্ৰই ব্যৱহাৰ কৰে WhatsApp। বৰ্তমান WhatsAppত এটা ভুৱা মেছেজ দ্ৰুতগতিত ভাইৰেল হৈছে। মেছেজটোত Adidasৰ জোতা বিনামূলীয়াকৈ দিয়াৰ প্ৰলোভন দিয়া হৈছে। মেছেজটোত Adidasৰ জোতা বিনামূলীয়াকৈ দিয়াৰ ঘোষণাৰ লগতে দিয়া হৈছে এটা লিংক।

প্ৰৱঞ্চকে ব্যৱহাৰকাৰীক মেছেজত দিয়া লিংকটোত ক্লিক কৰাৰ পৰামৰ্শ দিছে। যিটো লিংকত ক্লিক কৰিলে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ প্ৰতি ভাবুকি আহিব পাৰে।

যদি আপোনালৈ এনেধৰণৰ মেছেজ আহিছে, য’ত ৭০সংখ্যক বৰ্ষপূৰ্তি উদযাপন উপলক্ষে এডিডাছৰ ফালৰ পৰা ৭০০ যোৰ জোতা আৰু ৭০০০ টি–ছাৰ্ট দিয়াৰ কথা কোৱা হৈছে, তেন্তে সেই মেছেজত ভোল নাযাব, তাত লিংকত ক্লিক নকৰিব।



এনেধৰণৰ প্ৰায়সংখ্যক ঘটনাতে মেছেজত দিয়া লিংকত ক্লিক কৰিলে এটা ভুৱা বেৱছাইট খোল খায়, য’ত ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য বিচৰা হয়। ৱেবছাইটটোৱে মানুহৰ বিশ্বাস জন্মাবৰ বাবে অৱলম্বন কৰে বিভিন্ন কৌশল। আনকি আপোনাৰ ভৰিৰ জোখো বিচাৰে ৱেবছাইটটোৱে। পূৰ্বেও এনেধৰণৰ মেছেজ WhatsAppত ভাইৰেল হৈছিল। এনেধৰণৰ প্ৰলোভনেৰে আপোনাৰ ব্যক্তিগত তথ্য হৰলুকী কৰি বিপদত পেলাব পাৰে আপোনাক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি