ভাৰতক ক্ষতিগ্ৰস্ত কৰাৰ বাবে পাকিস্তানৰ সমানে সমানে ৰঙা চীনে বিভিন্ন কূট-কৌশল প্ৰয়োগ কৰি আহিছে। শেহতীয়াভাৱে ভাৰত চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগ আৰু ভাৰতীয় সংবাদ মাধ্যমৰ ৱেবছাইট হেক কৰাৰ বাবে চীনে অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা চাইবাৰ সুৰক্ষা সংস্থাই। আমেৰিকাৰ ইনচাইন গ্ৰুপ অৱ ৰেকৰ্ড ফিউচাৰ নামৰ কোম্পানীটোৰ মতে, চীনৰ ডিএজি-২৮ নামৰ হেকিং গোটটোৱে উইনট্ৰি নামৰ ভাইৰাছ ব্যৱহাৰ কৰি ভাৰতৰ ৰাষ্ট্ৰীয় পৰিচয় তথ্যৰ ৱেবছাইট হেক কৰাৰো চেষ্টা কৰিছিল।
সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, আগষ্ট ২০২১-ৰ আৰম্ভণিতে ৰেকৰ্ড কৰা তথ্যই দেখুৱাইছে যে ভাৰতীয় সংস্থা আৰু কোম্পানীবোৰক লক্ষ্য কৰি চীনা চৰকাৰৰ পৃষ্ঠপোষকতাত চীনা চাইবাৰ কাৰ্যকলাপৰ সংখ্যা ২০২০ চনৰ তুলনাত ২০২১ চনত ২৬.১ শতাংশ বৃদ্ধি পাইছে (চীনা হেকাৰসকলে ভাৰতক লক্ষ্য কৰি লৈছে)।
প্ৰতিবেদন অনুসৰি, ফেব্ৰুৱাৰী আৰু আগষ্টৰ ভিতৰত বেনেট কোলমেন এণ্ড কোম্পানী লিমিটেড মিডিয়া কোম্পানীক দিয়া চাৰিটা 'আইপি' ঠিকনা আৰু লগতে দুটা উইণ্টি চাৰ্ভাৰ চিনাক্ত কৰা হৈছে।
আমেৰিকান সংস্থাটোৰ মতে, ব্যক্তিগত মালিকানাধীন মুম্বাই কোম্পানীৰ নেটৱৰ্কৰ পৰা প্ৰায় ৫০০ মেগাবাইট তথ্য আহৰণ কৰা হৈছিল। ইনচাইন গ্ৰুপৰ তথ্য অনুসৰি, মধ্য প্ৰদেশৰ ৰাজ্যিক আৰক্ষী বিভাগৰ পৰা একে ধৰণে পাঁচ মেগাবাইট তথ্য আহৰণ কৰা হৈছিল। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ২০২০ চনৰ জুনত চীন-ভাৰত বিবাদৰ পিছত চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছিল।
সংস্থাটোৰ মতে, চীনা হেকাৰে ভাৰতৰ আধাৰ কাৰ্ডৰ ১০ মেগাৱট তথ্যও চুৰ কৰাৰ চেষ্টা কৰিছিল। সংস্থাটোৰ মতে, চীনা চৰকাৰৰ পৰোক্ষ পৃষ্ঠপোষকাত চীনা হেকাৰে এই দুষ্কাৰ্য সংঘটিত কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|