4Gৰ পিছত এইবাৰ 5G স্মাৰ্টফোন! কি বিশেষত্ব এই ফোনৰ

5G টেকন’লজীত ডেটাৰ ৰেট হ’ব ফাষ্ট। ডেটা ৰেট 4Gৰ তুলনাত ১০০ শতাংশই বেছি হ’ব 5Gৰ।

Dulu Medhi | News18-Assam
Updated:June 10, 2019, 2:50 PM IST
4Gৰ পিছত এইবাৰ 5G স্মাৰ্টফোন! কি বিশেষত্ব এই ফোনৰ
5G টেকন’লজীত ডেটাৰ ৰেট হ’ব ফাষ্ট। ডেটা ৰেট 4Gৰ তুলনাত ১০০ শতাংশই বেছি হ’ব 5Gৰ।
Dulu Medhi | News18-Assam
Updated: June 10, 2019, 2:50 PM IST
5G টেকন’লজীক লৈ পুনৰ আৰম্ভ হৈছে বিতৰ্কৰ। কেইবাখনো দেশত এই ক্ষেত্ৰত আৰম্ভ হৈছে পৰীক্ষাৰ। চীনে ইয়াৰ বাণিজ্যিক ব্যৱহাৰক লৈ ইতিমধ্যে সেউজ সংকেত দিছে। ইয়াৰ পিছতে ভাৰতেও এই প্ৰযুক্তি প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতত এই প্ৰযুক্তিৰ প্ৰয়োগে কঢ়িয়াই লৈ আহিব এটা নতুন যুগ। সম্প্ৰতি কিছু মাহ পূৰ্বে ছেমছাঙে প্ৰথমটো স্মাৰ্ট ফোন দক্ষিণ কোৰিয়া উন্মোচন কৰিছিল, ছেমছাঙৰ উপৰিও চিপছেট নিৰ্মাতা কোৱালকম(Qualcomm) আৰু হুবাবেৰ দৰে কোম্পানীয়েও 5Gক লৈ আৰম্ভ কৰি দিছে কাম।

১০০ দিনৰ ভিতৰত ভাৰতত আৰম্ভ হ’ব 5Gৰ পৰীক্ষাঃ
কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে সোমবাৰে পদ গ্ৰহণ কৰাৰ পিছত ক’লে যে আমাৰ প্ৰথমটো লক্ষ্য ১০০ দিনৰ ভিতৰত দেশত 5Gৰ পৰীক্ষা আৰম্ভ কৰা। তেওঁ ক’লে যে চৰকাৰ এই বছৰ 5G স্পেকট্ৰাম নিলামী কৰা প্ৰতিশ্ৰুতিবদ্ধ।

লগতে কেইবাটাও ৰেডিঅ’ ফ্ৰিকুৱেঞ্চীও নিলামী কৰা হ’ব। TRAIয়ে 5Gসহ প্ৰায় ৮,৬৪৪ মেগাহাৰ্টজ টেলিকম ফ্ৰিকুৱেঞ্চী নিলামীৰ অনুমোদন জনাইছে। ইয়াৰ ফলত প্ৰায় ৫ কোটি টকা লাভ কৰাৰ অনুমান কৰা হৈছে। ইয়াৰোপৰি দেশজুৰি ৫ লাখ আই–ফাই হটস্পট প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো দ্ৰুতগতিত কাম আৰম্ভ কৰিব।



BSNL-এ আমেৰিকাক নেটৱৰ্কিং সেৱা প্ৰদান কৰা কোম্পানী ‘Siena’ৰ সৈতে চুক্তি কৰিছে। এই চুক্তি কোম্পানীৰ 5G সেৱাৰ ফ্লিড পৰীক্ষাৰ বাবে কৰা হৈছে। আগন্তুক কেইটামান সপ্তাহলৈ পৃথক–পৃথক নেটৰ্ৱকস্থিত এলেকাত 5G সেৱা প্ৰদান কৰিবলৈ কোম্পানী দুয়োটাই মিলিজুলি কাম কৰিব।

5G নেটৱৰ্কঃ

5G মোবাইল ফোন ৱায়াৰলেছ সেৱাৰ পঞ্চমটো জেনেৰেচন। 5G টেকনলজীৰ পিছত ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীয়ে ডেটাৰ উচ্চ ঘনত্ব লাভ কৰিব, সঠিক কভাৰেজ পাব লগতে মোবাইলৰ বেটাৰীৰো কম কৰচ হ’ব। ২০১৩তে কাম আৰম্ভ হৈছিল এই টেকন’লজীৰ।

5G যিধৰণে প্ৰস্তুত কৰিবলৈ ধৰিছে সেই অনুসৰি বৰ্তমানৰ LTE নেটৱৰ্কতো কাম কৰিব পাৰিব। অনুমান অনুসৰি ২০২৫লৈ বিশ্বৰ এক-তৃতীয়াংশ জনসংখ্যাই লাভ কৰিব 5G নেটৱৰ্কৰ কভাৰেজ।

5Gৰ সুবিধাঃ
১. বেটাৰীৰ খৰচ উল্লেখযোগ্যভাৱে পাব হ্ৰাস। যাৰ বাবে বৃদ্ধি হ’ব বেটাৰীৰ লাইফ।
২. নেটৱৰ্কৰ এনাৰ্জী ৯০ শতাংশলৈ হ্ৰাস পাব।
৩. কেইবাটাও ডিভাইচ একেলগে সংলগ্ন কৰিব পাৰিব।
৪. বহু দূৰত্বলৈও হাইস্পীডত ডেটা প্ৰেৰণ কৰিব পাৰিব।
৫. ৩ ঘণ্টাৰ HD ছবি ১ ছেকেণ্ডতকৈও অধিক কম সময়ত ডাউনলোড হ’ব।
৬. ইয়াৰ জৰিয়তে ঘৰৰ ছিকিউৰিটী ছিষ্টেম প্ৰয়োগ কৰিব পাৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি