দুবছৰ পুৰণি Samsung Galaxy S8–এ বচালে ২০জন লোকৰ প্ৰাণ

প্ৰায় দুসপ্তাহ পূৰ্বে ফিলিপাইনৰ মলাপছকুৱা দ্বীপৰ সমীপত এখন নাও ডুবিছিল।

News18-Assam
Updated:July 24, 2019, 9:30 AM IST
দুবছৰ পুৰণি Samsung Galaxy S8–এ বচালে ২০জন লোকৰ প্ৰাণ
প্ৰায় দুসপ্তাহ পূৰ্বে ফিলিপাইনৰ মলাপছকুৱা দ্বীপৰ সমীপত এখন নাও ডুবিছিল।
News18-Assam
Updated: July 24, 2019, 9:30 AM IST
Samsung Galaxy S8 দুবছৰ পুৰণি হ’ল যদিও এই ফোনটোৰ বাবেই শেহতীয়াকৈ জীৱন ৰক্ষা কৰিব পৰা গ’ল ২০জনকৈ লোকৰ। আচলতে প্ৰায় দুসপ্তাহ পূৰ্বে ফিলিপাইনৰ মলাপছকুৱা দ্বীপৰ সমীপত এখন নাও ডুবিছিল। কিন্তু ৱাটাৰ ৰেজিষ্টেণ্ট Samsung S8ৰ সহায়ত নাৱত থকা লোকসকলৰ জীৱন ৰক্ষা পৰে।

নাওখন ডুবি যোৱাৰ ফলত সকলোৰে ফোন বিকল হৈ পৰিছিল। কিন্তু জিম এমডী নামৰ লোকজনৰ পানীত ডুবি থকা ম’বাইলটো বিকল হোৱা নাছিল আৰু ফোন কৰিব পাৰিছিল। এই ফোনটোত এছ অ’ এছ ফিচাৰ নাই, কিন্তু IP68 ৱাটাৰ ৰেজিষ্টেণ্ট থকাৰ বাবে পানীত ডুবি যোৱাৰ পিছতো কাম কৰি থাকে।

ঘটনা অনুসৰি, এখন নাৱত ১৬জন বিদেশী আৰু চাৰিজন ফিলিপাইনৰ নাগৰিকে এটা দ্বীপলৈ গৈ আছিল। নাও ডুবাৰ পিছত এই ফোনটোৰে সহায় বিচৰা হয় আৰু জি পি এছৰ মাধ্যমেৰে লোকেচন নিৰ্ধাৰণ কৰা হৈছিল। এমডীয়ে কয় – সেই বিপদৰ সময়ত কেৱল মোৰ Samsung Galaxy S8 স্মাৰ্টফোনটোৱে কাম কৰি আছিল। ইয়াৰ সহায়ত আমি উদ্ধাৰকাৰী দলক যোগাযোগ কৰিব পাৰিছিলো।
আৰু চাওক পৰৱৰ্তী বাতৰি