TikTokৰ এই নতুন ফিচাৰ হ’ব পাৰে WhatsApp ব্যৱহাৰকাৰীৰ মূৰৰ কামোৰণি!

এই ফিচাৰৰ জৰিয়তে TikTok ভিডিঅ’ পোনপটীয়াভাৱে WhatsApp কণ্টেক্টছলৈ পঠিয়াব পৰা যাব।

News18-Assam
Updated:July 30, 2019, 9:24 AM IST
TikTokৰ এই নতুন ফিচাৰ হ’ব পাৰে WhatsApp ব্যৱহাৰকাৰীৰ মূৰৰ কামোৰণি!
এই ফিচাৰৰ জৰিয়তে TikTok ভিডিঅ’ পোনপটীয়াভাৱে WhatsApp কণ্টেক্টছলৈ পঠিয়াব পৰা যাব।
News18-Assam
Updated: July 30, 2019, 9:24 AM IST
দিনক দিনে বৃদ্ধি পাইছে TikTokৰ ব্যৱহাৰকাৰী। TikTokৰ ভিডিঅ’ৰ বাবে বিভিন্ন সময়ত সংঘটিত হৈছে দুৰ্ঘটনাও। নতুন প্ৰজন্মৰ মাজত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে। সেয়েহে TikTok–এ এটা নতুন ফিচাৰ অন্তৰ্ভুক্ত কৰিব ব্যৱহাৰকাৰীৰ বাবে। কিন্তু এই ফিচাৰটোৱে অস্বস্তিত পেলাব পাৰে WhatsApp ব্যৱহাৰকাৰীসকলক।

সূত্ৰ অনুসৰি TikTok–এ এটা নতুন ফিচাৰৰ পৰীক্ষা–নিৰীক্ষা চলাই আছে। এই ফিচাৰৰ জৰিয়তে TikTok ভিডিঅ’ পোনপটীয়াভাৱে WhatsApp কণ্টেক্টছলৈ পঠিয়াব পৰা যাব। ইয়াৰ পূৰ্বে এনেধৰণৰ ফিচাৰ নাছিল। সম্প্ৰতি এপটোৰ শ্বেয়াৰ ফিচাৰ ব্যৱহাৰ কৰি WhatsApp বা আন প্লেটফৰ্মলৈ শ্বেয়াৰ কৰিব পাৰে TikTok ভিডিঅ’। কিন্তু এই ফিচাৰে TikTok ব্যৱহাৰকাৰীৰ কাম সহজ কৰিব।

আপুনি TikTok ব্যৱহাৰ নকৰিলেও যদি আপোনাৰ বন্ধুৱে কৰে, তেন্তে আপুনি WhatsAppত TikTok ভিডিঅ’ৰ বৰষুণৰ বাবে সাজু থাকক। বৰ্তমান এই ফিচাৰৰ পৰীক্ষা চলি আছে, কিন্তু শীঘ্ৰে TikTokত এই ফিচাৰ উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি