টেলিগ্ৰামত ব্যৱহাৰকাৰীসকলৰ বাবে কিছুমান বিশেষ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে টেলিগ্ৰামৰ প্ৰতি আকৰ্ষিত কৰিছে ব্যৱহাৰকাৰীসকলক ?
টেলিগ্ৰামত ব্যৱহাৰকাৰীসকলৰ বাবে কিছুমান বিশেষ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে টেলিগ্ৰামৰ প্ৰতি আকৰ্ষিত কৰিছে ব্যৱহাৰকাৰীসকলক ?
টেলিগ্ৰাম (Telegram) হৈছে এক সামাজিক মাধ্যম প্লেটফৰ্ম, যাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে ভিডিঅ', ফটো আৰু অন্যান্য নথিপত্ৰ প্ৰেৰণ কৰে। হোৱাটছএপৰ নতুন গোপনীয়তা নীতি অহাৰ পিছতেই টেলিগ্ৰামৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে । পূৰ্বৰ তুলনাত চলিত বছৰত বৃদ্ধি পাইছে এপটো ডাউনলোড কৰা লোকৰ সংখ্যা । চেঞ্চৰ টাৱাৰৰ শেহতীয়া প্ৰতিবেদন অনুসৰি , ২০২১ চনৰ প্ৰথম চাৰি মাহত টেলিগ্ৰাম ব্যৱহাৰকাৰীৰ সংখ্যা ৯৮ শতাংশ বৃদ্ধি হৈ ১৬১ মিলিয়নতকৈ অধিক হৈ পৰিছে । ইফালে জানুৱাৰীৰ পৰা এপ্ৰিললৈ বিশ্বজুৰি হোৱাটছএপ ব্যৱহাৰকাৰীৰ হাৰ ৪৩% হ্ৰাস পাইছে।
টেলিগ্ৰামত ব্যৱহাৰকাৰীসকলৰ বাবে কিছুমান বিশেষ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে , যিয়ে টেলিগ্ৰামৰ প্ৰতি আকৰ্ষিত কৰিছে ব্যৱহাৰকাৰীসকলক । এই সুবিধাবোৰৰ ভিতৰত আছে ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰা, যিবোৰ অতি সৰু ভিডিঅ' যাক ব্যৱহাৰকাৰীসকলে টেলিগ্ৰামত চেট কৰাৰ সময়ত প্ৰেৰণ কৰিব পাৰে। টেলিগ্ৰামে ব্যৱহাৰকাৰীসকলক তেওঁলোকে প্ৰেৰণ কৰা বাৰ্তাবোৰো কেইবাবাৰো সম্পাদনা কৰাৰ অনুমতি দিছে ।
ইয়াৰোপৰি টেলিগ্ৰামে ব্যৱহাৰকাৰীক এটাখনৈ অধিক প্ৰ'ফাইল ফটো ছেট কৰাৰ বিকল্পও দিছে । টেলিগ্ৰামৰ এই সুবিধাবোৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে জানি লওক সকলো -
ভিডিঅ' বাৰ্তা কেনেদৰে প্ৰেৰণ কৰিব ? >> প্ৰথমে টেলিগ্ৰাম এপটো খোলক। >> টেলিগ্ৰামত যিকোনো চেটলৈ যাওক। >>মাইকত টেপ কৰক আৰু কেমেৰা মোড খোলক।>> কেমেৰাআইকনটো টেপ কৰি ধৰি ৰাখক আৰু ভিডিঅ'টো ৰেকৰ্ড কৰক। >>ভিডিঅ'টোৰ শেষতআইকনটো এৰি দিয়ক, আৰু আপোনাৰ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰক।
টেলিগ্ৰামত থীমটো কেনেদৰে প্ৰয়োগ কৰিব ?
টেলিগ্ৰামত ব্যৱহাৰকাৰীৰ বাবে বহু থীম আছে, য'ত লাইট মোডৰ পৰা ডাৰ্ক মোডলৈ অন্তৰ্ভুক্ত আছে । >> সোঁফালে দিয়া মেনু আইকন বা ৩ টা বিন্দুত টেপ কৰক। >> তাৰ পিছত ছেটিংছত টেপ কৰক। >>তলৰ ডিচপ্লে বিকল্পত ক্লিক কৰক, ডিচপ্লে থীম টো বাছনি কৰি থীম বাছনি কৰক >> আপোনাৰ পছন্দ অনুসৰি থীম বাছনি কৰক আৰু ছেট কৰক।
এখনতকৈ অধিক প্ৰ'ফাইল ফটো কেনেদৰে লগাব ?>>টেলিগ্ৰাম ছেটিংছ খোলক ।>> ফটো তুলিবলৈ কেমেৰা আইকনত00 টেপ কৰক। >> আইকনটো অলপ সময়ৰ বাবে টেপ কৰক আৰু ফোন গেলেৰীৰ পৰা আপোনাৰ ফটোবোৰ বাছনি কৰক।
টেলিগ্ৰামত বাৰ্তা কেনেদৰে সম্পাদনা আৰু ডিলিট 0 কৰিব ? >> আপুনি সম্পাদনা কৰিব বিচৰা বাৰ্তাটোত টেপ কৰক। >> ইয়াত ব্যৱহাৰকাৰীয়ে এটা পেঞ্চিল আকৃতিৰ আইকন বিচাৰি পাব, যিয়ে ব্যৱহাৰকাৰীসকলক বাৰ্তা সম্পাদনা কৰিবলৈ অনুমতি দিয়ে। আইফোন ব্যৱহাৰকাৰীয়ে বাৰ্তাত টেপ কৰি সম্পাদনা কৰাৰ সুবিধা লাভ কৰে। >> বাৰ্তা সম্পাদনা কৰাৰ পিছত চেকমাৰ্কত ক্লিক কৰক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|