চন্দ্ৰযান ২–এ প্ৰেৰণ কৰিলে জোনবাইৰ প্ৰথমখন ফটো, আপুনি দেখিছেনে?

৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰিব লেণ্ডাৰ বিক্ৰমে। যদি এয়া সফল হয় তেন্তে ৰাছিয়া, আমেৰিকা আৰু চীনৰ পিছত ভাৰত হ’ব চন্দ্ৰত ছফ্ট লেণ্ডিং কৰা বিশ্বৰ চতুৰ্থখন দেশ।

News18-Assam
Updated:August 23, 2019, 8:11 AM IST
চন্দ্ৰযান ২–এ প্ৰেৰণ কৰিলে জোনবাইৰ প্ৰথমখন ফটো, আপুনি দেখিছেনে?
৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰিব লেণ্ডাৰ বিক্ৰমে। যদি এয়া সফল হয় তেন্তে ৰাছিয়া, আমেৰিকা আৰু চীনৰ পিছত ভাৰত হ’ব চন্দ্ৰত ছফ্ট লেণ্ডিং কৰা বিশ্বৰ চতুৰ্থখন দেশ।
News18-Assam
Updated: August 23, 2019, 8:11 AM IST
দুদিন পূৰ্বে অৰ্থাৎ ২০ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে চন্দ্ৰযান ২। চন্দ্ৰযান ২–এ প্ৰেৰণ কৰিছে চন্দ্ৰৰ প্ৰথমখন ফটো। এই কথা টুইটাৰযোগে প্ৰকাশ কৰিলে ISRO–এ। ISRO–এ কয় যে চন্দ্ৰৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ ওপৰত থকা কক্ষপথৰ পৰা চন্দ্ৰযান ২–এ লৈছে এই ফটো।

টুইটাৰত ISRO–এ লিখিছে – ‘চাওক চন্দ্ৰযান ২–এ গ্ৰহণ কৰা চন্দ্ৰৰ প্ৰথমখন ফটো। চন্দ্ৰযান ২, বিক্ৰম লেণ্ডাৰে এই ফটো ২১ আগষ্ট, ২০১৯ত চন্দ্ৰপৃষ্ঠৰ পৰা ২৬৫০ কিলোমিটাৰ ওখৰ পৰা গ্ৰহণ কৰিছে। ইছৰ’ৱে নিজৰ টুইটত এয়াও কৈছে যে চন্দ্ৰপৃষ্ঠত থকা দুই চৰ্চিত স্থান মৰে অৰিয়েণ্টেল বেছিন আৰু এপল’ক এই ফটোত স্পষ্টভাৱে দেখা গৈছে।

ইয়াৰ পূৰ্বে ২০ আগষ্টত চন্দ্ৰযান ২–এ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল। ISRO–এ প্ৰায় ৩০ মিনিটজোৰা প্ৰক্ৰিয়াৰ অন্তত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাইছিল চন্দ্ৰযান ২ক। ইয়াৰ ফলত চন্দ্ৰযান ২ৰ গতি প্ৰতি ছেকেণ্ডত ২.৪ কিলোমিটাৰৰ পৰা হ্ৰাস হৈ ২.১ কিলোমিটাৰ হৈছিল।




৭ ছেপ্টেম্বৰত চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰিব লেণ্ডাৰ বিক্ৰমে। যদি এয়া সফল হয় তেন্তে ৰাছিয়া, আমেৰিকা আৰু চীনৰ পিছত ভাৰত হ’ব চন্দ্ৰত ছফ্ট লেণ্ডিং কৰা বিশ্বৰ চতুৰ্থখন দেশ।
আৰু চাওক পৰৱৰ্তী বাতৰি