সাৱধান পাকিস্তান! চীন–পাকিস্তানক প্ৰত্যাহ্বান জনাব ভাৰতৰ এই শক্তিশালী মিছাইলে

এই মিছাইলৰ মাৰণ ক্ষমতা প্ৰায় ২৯০ কিলোমিটাৰ আৰু এয়া ভাৰতৰ বাবে হ’ব এক অনন্য শক্তি।

news18assam
Updated:June 5, 2019, 7:50 AM IST
সাৱধান পাকিস্তান! চীন–পাকিস্তানক প্ৰত্যাহ্বান জনাব ভাৰতৰ এই শক্তিশালী মিছাইলে
এই মিছাইলৰ মাৰণ ক্ষমতা প্ৰায় ২৯০ কিলোমিটাৰ আৰু এয়া ভাৰতৰ বাবে হ’ব এক অনন্য শক্তি।
news18assam
Updated: June 5, 2019, 7:50 AM IST
ওড়িশাৰ চান্দীপুৰস্থিত ITRৰ পৰা মঙলবাৰে সফল পৰীক্ষণ সম্পন্ন কৰা হয় ছুপাৰছ’নিক ক্ৰুজ মিছাইল ব্ৰহ্মছৰ। DRDOৰ সূত্ৰত প্ৰকাশ যে ITRৰ প্ৰক্ষেপণ পৰিসৰ–২ৰ পৰা পৰীক্ষণ সম্পন্ন কৰা হয় এই শক্তিশালী মিছাইলৰ। এয়া বিশ্বৰ সবাতোকৈ দ্ৰুতবেগী ছুপাৰছ’নিক ক্ৰুজ মিছাইল যাৰ মাৰণ ক্ষমতা অত্যন্ত সঠিক। এই মিছাইলৰ মাৰণ ক্ষমতা প্ৰায় ২৯০ কিলোমিটাৰ আৰু এয়া ভাৰতৰ বাবে হ’ব এক অনন্য শক্তি। কিয়নো চীন আৰু পাকিস্তানৰ পৰা পোৱা সকীয়নিৰ উচিত প্ৰত্যুত্তৰ দিব পৰা যাব এই মিছাইলেৰে। DRDO আৰু ব্ৰহ্মছৰ জ্যেষ্ঠ বিষয়া আৰু বিজ্ঞানীসকল উপস্থিত আছিল এই পৰীক্ষণৰ সময়ত।
আৰু চাওক পৰৱৰ্তী বাতৰি