உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Optical Fibre Network: শীঘ্ৰে অসমৰ গঞাই পাব high speed internet , ভাৰতনেট আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অতিৰিক্ত পুঁজিৰ অনুমোদন...

    Optical Fibre Network: শীঘ্ৰে অসমৰ গঞাই পাব high speed internet , ভাৰতনেট আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অতিৰিক্ত পুঁজিৰ অনুমোদন...

    দেশৰ গ্ৰামাঞ্চলক Optical Fibre Networkৰে সংযুক্ত কৰাৰ কেন্দ্ৰীয় কেবিনেটৰ প্ৰায় ৬০০০০কোটি টকাৰ অভিলাষী আঁচনিত অতিৰিক্ত পুঁজিৰ অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে । বুধবাৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  হোৱা কেবিনেট বৈঠকত ‘ভাৰতনেট’ নামৰ এই আঁচনিৰ শীঘ্ৰে কাৰ্যকৰীকৰণত  সেউজ সংকেত প্ৰদান কৰা হয় ।

    • Share this:
    দেশৰ গ্ৰাম্যাঞ্চলক Optical Fibre Networkৰে সংযুক্ত কৰাৰ কেন্দ্ৰীয় কেবিনেটৰ প্ৰায় ৬০০০০কোটি টকাৰ অভিলাষী আঁচনিত অতিৰিক্ত পুঁজিৰ অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে । বুধবাৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  হোৱা কেবিনেট বৈঠকত ‘ভাৰতনেট’ নামৰ এই আঁচনিৰ শীঘ্ৰে কাৰ্যকৰীকৰণত  সেউজ সংকেত প্ৰদান কৰা হয় । ব্যক্তিগত খণ্ডৰ সহযোগত (Public Private Partnership) এই আঁচনি কাৰ্যকৰী কৰা হ’ব । টেলি কমিউনিকেচন বিভাগে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে দেশৰ ১৬খন ৰাজ্যৰ গ্ৰামাঞ্চলক Optical Fibreৰে সংযোগ কৰা হ’ব । উল্লেখযোগ্য যে ২০২০চনৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ১০০০দিনৰ ভিতৰত দেশৰ গাঁও সমূহ ডিজিটেল মাধ্যমৰে সংযোগ কৰাৰ কথা ঘোষণা কৰিছিল ।

    বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ১৯০০০কোটি টকাৰ অতিৰিক্ত আবণ্টনৰ অনুমোদন জনোৱাৰ পিছত ইয়াৰ প্ৰস্তাৱিত খৰচ হয় গৈ ৬০০০০কোটি টকা । কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰীয় টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় – এই আঁচনিৰ সফল ৰূপায়ণৰ পিছত গ্ৰামাঞ্চলৰ লোকে High Speed Broadband ব্যৱহাৰ কৰি চৰকাৰে প্ৰদান কৰা ই-সেৱা  সমূহৰ লাভ আদায় কৰিব পাৰিব । ই আঁচনিয়ে গাঁওবাসীৰ মাজলৈ Online শিক্ষা প্ৰদান, telemedicine, e-commerce, skill development আদি সেৱা সমূহ লৈ যাব যাৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰো সৃষ্টি হ’ব ।

    অসমত এই আঁচনি কাৰ্যকৰী হোৱাৰ লগতে দেশৰ আন ১৫খন ৰাজ্যক সাঙুৰি লোৱা হৈছে । সেই সমূহ ৰাজ্য হৈছে কেৰেলা, কৰ্ণাটক, ৰাজস্থান, হিমাচল প্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, পশ্চিম বংগ, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ । এই আঁচনিত ছিক্কিমৰ বাদে উত্তৰ পূৱৰ কেওখন ৰাজ্য সাঙুৰি লোৱা হৈছে । এই আঁচনিত পূৰ্বতে কেৱল গ্ৰাম পঞ্চায়ত সমূহ সংযোগ কৰাৰ পৰিবৰ্তে সংশোধিত পৰিকল্পনাৰ অধীনত আন্তৰাষ্ট্ৰীয় নিবিদাৰ যোগেদি সকলোৱে ব্যৱহাৰ কৰিব পৰাকৈ  ইয়াৰ সম্প্ৰসাৰণ কৰা হ’ব বুলি প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে ।
    Published by:Kokil Sarma
    First published: