শীঘ্ৰে আপুনি কাপোৰৰ সৈতে পিন্ধিব পাৰিব AC, ছনীয়ে মুকলি কৰা নতুন ACৰ দাম কিমান?

পকেট ছাইজৰ এই ডিভাইছটো সৰু বেগতো ৰাখিব পৰা যাব বা পিঠি আৰু ডিঙিৰ সমীপত পিন্ধি ল’ব পাৰিব।

News18-Assam
Updated:July 26, 2019, 2:11 PM IST
শীঘ্ৰে আপুনি কাপোৰৰ সৈতে পিন্ধিব পাৰিব AC, ছনীয়ে মুকলি কৰা নতুন ACৰ দাম কিমান?
পকেট ছাইজৰ এই ডিভাইছটো সৰু বেগতো ৰাখিব পৰা যাব বা পিঠি আৰু ডিঙিৰ সমীপত পিন্ধি ল’ব পাৰিব।
News18-Assam
Updated: July 26, 2019, 2:11 PM IST
ছনীয়ে মুকলি কৰিলে কাপোৰৰ সৈতে পিন্ধিব পৰা বিশেষ AC। এই প’ৰ্টেবল এ চিৰ নাম হৈছে ৰিঅন পকেট। এই শীত–তাপ নিয়ন্ত্ৰিত যন্ত্ৰটো এটা স্মাৰ্টফোনতকৈও সৰু। ইয়াক এনাৰ্জী বেটাৰীৰ সৈতে উপলব্ধ আৰু ব্লুটুথৰ জৰিয়তে ফোনৰ সৈতে সংযুক্ত হৈ কাম কৰে। দুঘণ্টা চাৰ্জ দিয়াৰ পিছত ৯০ মিনিটলৈ চলাব পাৰিব এই এ চি।

পকেট ছাইজৰ এই ডিভাইছটো সৰু বেগতো ৰাখিব পৰা যাব বা পিঠি আৰু ডিঙিৰ সমীপত পিন্ধি ল’ব পাৰিব। প্ৰয়োজন অনুসৰি এটা এপ্লিকেচনৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায়। এয়াত এটা ব্যৱস্থা সংযুক্ত থাকিব যাৰ জৰিয়তে ঠাণ্ডা বা গৰম কৰিব পৰা যাব।

কিন্তু এই এ চি ব্যৱহাৰৰ বাবে এক বিশেষ ধৰণৰ কাপোৰ পিন্ধিব লাগিব যিটো সৰু, মধ্যম আৰু ডাঙৰ আকাৰত উপলব্ধ হ’ব। কিন্তু এতিয়ালৈকে এই কাপোৰ কেৱল পুৰুষৰ বাবেহে প্ৰস্তুত কৰা হৈছে।

ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে ইয়াক লিথিয়াম আয়ন বেটাৰীৰ সহায় চলোৱা হয় যিটো কেৱল দুঘণ্টা চাৰ্জ দিয়াৰ পিছত সমগ্ৰ দিন ব্যৱহাৰ কৰিব পাৰি। ছনী ৰিঅনৰ দাম ৮,৯৯০ টকা। ইয়াক ফিট কৰিবলৈ তলত পিন্ধা কাপোৰৰ দাম প্ৰায় ১২ হাজাৰ টকা। বৰ্তমান, এই ডিভাইছ কেৱল জাপানত উপলব্ধ হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি