সাৱধান! যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে আপোনাৰ ম’বাইল!

বিশ্বজুৰি তীব্ৰ গতিত বিয়পিছে এই ভাইৰাছ

News18
Updated:June 28, 2019, 1:13 PM IST
সাৱধান! যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে আপোনাৰ ম’বাইল!
বিশ্বজুৰি তীব্ৰ গতিত বিয়পিছে এই ভাইৰাছ
News18
Updated: June 28, 2019, 1:13 PM IST
সাৱধান! যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে আপোনাৰ ম’বাইল! বিশ্বজুৰি তীব্ৰ গতিত বিয়পিছে এই ভাইৰাছ। Silex malwareৰ আক্ৰমণৰ পিছত ইউজাৰৰ লাগে যে হাৰ্ডৱেৰ বেয়া হৈছে, কিন্তু প্ৰকৃততে ম’বাইলে সেই কাৰণে কাম কৰা বন্ধ কৰা নাই।

প্ৰযুক্তিৰ পৃথিৱীত নতুন বিপদে দেখা দিছে, এই বিপদৰ নাম Silex নামৰ এটা মলৱেৰ অৰ্থাৎ ভাইৰাছ। এই ভাইৰাছে সমগ্ৰ বিশ্বৰ IOT ডিভাইচসমূহৰ ক্ষতিসাধন কৰিছে। IOTৰ অৰ্থ ইণ্টাৰনেট অৱ থিংছ অৰ্থাৎ সেইসমূহ ডিভাইচ য’ত চেন্সৰ থাকে আৰু যি ইণ্টাৰনেটৰ সহায়ত এটা অবজেক্টৰ পৰা ডাটা আন এটা অবজেক্টলৈ ট্ৰান্সফাৰ কৰিব পাৰে। ব্ৰিকৰ ব’ট নামৰ এনেকুৱা এবিধ ভাইৰাচ ২০১৭চনত বিয়পি পৰিছিল। এই মলৱেৰে এমটিএনএল আৰু বিএছএনএলৰ ব্ৰডবেণ্ড চাৰ্ভিচৰ ক্ষতিসাধন কৰিছিল। ইয়াৰ কাৰণে বিএছএনএল ব্ৰডবেণ্ড চাবস্ক্ৰাইবাৰ্চৰ কমেও ৬০,০০০ মডেম প্ৰভাৱিত হৈছিল। এইবাৰৰ মলৱেৰেও একেধৰনে সেই ডিভাইচসমূহৰ ক্ষতিসাধন কৰে কিন্তু আগৰ ভাইৰাচতকৈ অধিক শক্তিশালী।

১৪বছৰীয়া এজন কিশোৰে এই মলৱেৰ নিৰ্মাণ কৰিছে আৰু ইয়াৰ কোডনেম হৈছে 'Light Leafon'। ZDNetৰ প্ৰতিবেদন অনুসৰি এই ভাইৰাচৰ আক্ৰমণৰ পিছত স্মাৰ্ট IoTডিভাইচে একো কাম কৰিব নোৱাৰা হৈ পৰে। দৰাচলতে Silex ভাইৰাচে  IoT ডিভাইচৰ ষ্টৰেজ সম্পূৰ্ণৰূপে বেয়া কৰি পেলোৱাৰ লগতে ডিভাইচৰ নেটৱৰ্ক কনফিগাৰেচন আতৰোৱাৰ লগতে ফায়াৰৱাল ৰুল্স ক কাম কৰিব নোৱাৰা কৰি ডিভাইচক সম্পূৰ্ণৰূপে ‘ব্ৰিক’ অৰ্থাৎ বেয়া কৰি পেলায়। 

কেনেকৈ এই মলৱেৰে কাম কৰেঃ

এই মলৱেৰৰ আক্ৰমণৰ পিছত ইউজাৰৰ লাগে যে হাৰ্ডৱেৰ বেয়া হৈছে কিন্তু প্ৰকৃততে এনেকুৱা নহয়। এই আক্ৰমণৰ সৈতে যুঁজিবলৈ ইউজাৰে ফাৰ্মৱেৰক মেনুৱেলী আকৌ এবাৰ ইনষ্টল কৰিবলগীয়া হয় যিটো ইউজাৰৰ কাৰণে যথেষ্ট কঠিন। 

ZDNet–এ NewSky Security ৰ গৱেষক অংকিত অনুভৱৰ জৰিয়তে মলৱেৰৰ নিৰ্মাতাৰ বিষয়ে জানি লৈ আচল পৰিকল্পনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। অংকিত অনুভৱৰ মতে এই মলৱেৰৰ পিছত ছদ্ম বা নকলী নাম 'Light Leafon' ৰ এজন ১৪বছৰীয়া কিশোৰ জৰিত হৈ আছে।

ZDNetৰ প্ৰতিবেদন অনুসৰি 'Light Leafon' কৈছিল যে এই কাম ধেমালিতে কৰা হৈছিল কিন্তু এতিয়া এইটো ফুল টাইম প্ৰজেক্ট হৈ পৰিছে। তেওঁ লগতে কয় যে ইয়াক আৰু বিপজ্জনক ৰূপত ডেভলপ কৰা হ’ব। উল্লেখযোগ্য যে ২০১৭চনত ব্ৰিক ব্ৰটৰ আক্ৰমণত এক কোটিৰো অধিক ডিভাইচ প্ৰভাৱিত হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি