মৃত্যুৰ খেল! ভুলতো গ্ৰহণ নকৰিব TikTokৰ এই চেলেঞ্জ, চাওক Video

News18 Assam | News18-Assam
Updated:February 17, 2020, 5:17 PM IST
মৃত্যুৰ খেল! ভুলতো গ্ৰহণ নকৰিব TikTokৰ এই চেলেঞ্জ, চাওক Video
চিকিৎসকেও এই চেলেঞ্জ গ্ৰহণ নকৰিবলৈ সকীয়নি দিছে, কাৰণ ইয়াৰ ফলত ৰাজহাড় বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে।

চিকিৎসকেও এই চেলেঞ্জ গ্ৰহণ নকৰিবলৈ সকীয়নি দিছে, কাৰণ ইয়াৰ ফলত ৰাজহাড় বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে।

  • Share this:
বৰ্তমান TikTokত ভাইৰেল হৈছে এক ভয়ংকৰ চেলেঞ্জ। এই চেলেঞ্জ এতিয়া টিকটক কৰা ল’ৰা–ছোৱালীৰ পিতৃ–মাতৃৰ বাবে হৈ পৰিছে চিন্তাৰ কাৰণ। টিকটত ‘স্কাল ব্ৰেকাৰ’ নামেৰে ভাইৰেল হৈছে এই চেলেঞ্জ। নামটোৰ পৰাই অনুমান কৰিব পাৰি এই চেলেঞ্জ কিমান ভয়ংকৰ হ’ব পাৰে। এই চেলেঞ্জত তিনিজন লোকৰ প্ৰয়োজন। একেটা শাৰীত থিয় হৈ থকা বাওঁফালৰ আৰু সোঁফালৰ জনে জাঁপ মৰাৰ পিছত মাজৰজনেও জাঁপ মাৰিব লাগে। তেতিয়াই কাষৰ দুজনে দুফালৰ পৰা মাজৰজনক পিছফালৰ পৰা লেং মাৰে আৰু ইয়াৰ ফলত মাজৰ লোকজন ওপৰমুৱাকৈ ভাৰসাম্য হেৰুৱাই পৰি যায়।

এই কাৰ্যৰে ডিঙি আৰু মূৰত গুৰুতৰ আঘাত পোৱাৰ আশংকা প্ৰবল। চিকিৎসকেও এই চেলেঞ্জ গ্ৰহণ নকৰিবলৈ সকীয়নি দিছে, কাৰণ ইয়াৰ ফলত ৰাজহাড় বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে। তথাপিও ছচিয়েল মিডিয়া টিকটকত একাংশ দুঃসাহসী লোকে গ্ৰহণ কৰিছে এই অদৰকাৰী চেলেঞ্জ।

চাওক ভিডিঅ’ :







আৰু চাওক
পৰৱৰ্তী বাতৰি