SBIয়ে লগতে জাননী প্ৰকাশ কৰিছে যে নিয়মপালন কৰাত ব্যৰ্থ হ'লে গ্ৰাহকৰ চলিত সেৱাসমূহত ইয়াৰ প্ৰভাৱ পৰিব।
SBIয়ে লগতে জাননী প্ৰকাশ কৰিছে যে নিয়মপালন কৰাত ব্যৰ্থ হ'লে গ্ৰাহকৰ চলিত সেৱাসমূহত ইয়াৰ প্ৰভাৱ পৰিব।
দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, ভাৰতীয় ষ্টেট বেংক (SBI) য়ে ইয়াৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ জাননী জাৰি কৰিছে । বেংকে একাউণ্টৰ গৰাকীসকলক চলিত মাহৰ শেষৰ ফালে অৰ্থাৎ ৩০ জুনৰ ভিতৰত তেওঁলোকৰ পেন আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ অৱগত কৰিছে । SBIয়ে লগতে জাননীত প্ৰকাশ কৰিছে যে এই নিয়ম পালন কৰাত ব্যৰ্থ হ'লে ইয়াৰ প্ৰভাৱ পৰিব গ্ৰাহকৰ চলিত সেৱাসমূহত ।
টুইটাৰৰ জৰিয়তে, ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ বেংকটোৱে তেওঁলোকৰ অফিচিয়েল হেণ্ডেল TheOfficialSBIৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিছে। গ্ৰাহকসকলক যিকোনো অসুবিধা পৰিহাৰ কৰি পূৰ্বৰ দৰে বেংকিং সেৱা উপভোগ কৰিবলৈ তেওঁলোকৰ পেন কাৰ্ডখন আধাৰ নম্বৰৰ সৈতে সংযোগ কৰিবলৈ অৱগত কৰে বেংকৰ বিষয়াসকলে। জাননীখনৰ লগত এটা গ্ৰাফিক বাৰ্তাও আছিল, যিয়ে পেনক আধাৰৰ সৈতে সংযোগ কৰাটো কিয় বাধ্যতামূলক সেয়া প্ৰকাশ কৰিছে ।
বেংকে ইয়াৰ গ্ৰাহকসকলক লগতে জাননী দিছে যে যদিহে তেওঁলোকে নিজৰ পেন কাৰ্ডখন আধাৰৰ সৈতে লিংক কৰাত ব্যৰ্থ হয়, তেন্তে ইয়াক নিষ্ক্ৰিয় কৰা হ'ব বুলিও উল্লেখ কৰিছে ।
বিষয়াসকলে লগতে ৱেবছাইটৰ লিংকটো www.incometaxindiaefilling.gov.in শ্বেয়াৰ কৰিছে, য'ত একাউণ্টৰ গৰাকীয়ে সহজে নথিপত্ৰবোৰ অনলাইন লিংক কৰিব পাৰে। কিছু সহজ পদক্ষেপৰ জৰিয়তেই এনেদৰে নথিপত্ৰবোৰ লিংক কৰিব পাৰি। প্ৰথমে উক্ত লিংকটোত ক্লিক পিছত একাউণ্টৰ গৰাকীয়ে বাওঁ পেনত থকা 'আধাৰ লিংক কৰক' ক্লিক কৰিব লাগিব আৰু বিৱৰণপূৰণ কৰিব লাগিব।
পেন-আধাৰ লিংক কৰাৰ অন্তিম তাৰিখ হৈছে ৩০ জুন। সময়সীমা অনুসৰি এই লিংক পূৰণ কৰাত ব্যৰ্থ হ'লে গ্ৰাহকসকলে বেংকিং সেৱাত অসুবিধা হ'ব পাৰে বা মাচুল ভৰিবলগীয়া হ'ব পাৰে। ইয়াৰ পূৰ্বে এই লিংকৰ বাবে ৩১ মাৰ্চ অন্তিম তাৰিখ হিচাপে চূড়ান্ত কৰা হৈছিল। কিন্তু কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে ইয়াৰ সময়সীমা তিনি মাহৰ বাবে অৰ্থাত্ ৩০ জুনলৈ বৃদ্ধি কৰে।
উল্লেখ্য যে, স্থায়ী একাউণ্ট নম্বৰ (Permanent Account Number,PAN) হৈছে দহ-অংকযুক্ত এক অনন্য আলফানিউমেৰিক নম্বৰ যাক আয়কৰ বিভাগে জাৰী কৰে। ই হৈছে এক গুৰুত্বপূৰ্ণ বিত্তীয় নথি । যাক ব্যক্তি আৰু প্ৰতিষ্ঠানৰ দ্বাৰা কৰ ফাঁকিক প্ৰতিহত কৰিবলৈ জাৰী কৰা হয়, কিয়নো ই এক নিৰ্দিষ্ট ব্যক্তি বা সংস্থাৰ দ্বাৰা কৰা সকলো বিত্তীয় লেনদেনৰ সৈতে জড়িত হৈ থাকে । পেন কাৰ্ডৰ জৰিয়তে, আয়কৰ বিভাগে কৰৰ বাবে সকলো গুৰুত্বপূৰ্ণ লেনদেনৰ বিতং তথ্য লাভ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|