ভাৰতীয় ষ্টেট বেংক চমুকৈ SBIৰ গ্ৰাহকসকলে দেওবাৰে পুৱা ১ বজাৰ পৰা ২ বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব ইণ্টাৰনেট বেংকিং, YONO and YONO Lite এপ ।
ভাৰতীয় ষ্টেট বেংক চমুকৈ SBIৰ গ্ৰাহকসকলে দেওবাৰে পুৱা ১ বজাৰ পৰা ২ বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব ইণ্টাৰনেট বেংকিং, YONO and YONO Lite এপ ।
পৰৱৰ্তী দুটা দিনৰ বাবে ব্যাহত হৈ পৰিব ভাৰতীয় ষ্টেট বেংকৰ SBI App আৰু নেট বেংকিং সেৱা । শনিবাৰে ব্যৱসায় বন্ধ হোৱাৰ পিছতে ইয়াৰ এনইএফটি(NEFT) প্ৰণালীৰ কাৰিকৰী উন্নীতকৰণৰ ফলত ইয়াৰ ডিজিটেল সেৱা ব্যাহত হ'ব বুলি জনায় ভাৰতীয় ষ্টেট বেংক ( SBI) য়ে । ইয়াৰ লগে লগে দেশৰ সৰ্ববৃহৎ বেংকটোৰ গ্ৰাহকসকলে দেওবাৰে পুৱা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত ইণ্টাৰনেট বেংকিং,YONO and YONO Lite এপ ব্যৱহাৰ কৰিব নোৱাৰিব।
এক টুইটযোগে ভাৰতীয় ষ্টেট বেংক ( SBI) য়ে কয় এনেদৰে, "২২ মে' অৰ্থাত্ আজি ব্যৱসায় সমাপ্ত হোৱাৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ এনইএফটি(NEFT) প্ৰণালীৰ কাৰিকৰী উন্নীতকৰণৰ কাম কৰিব। যাৰ বাবে ২৩ মে' তাৰিখে অৰ্থাত্ দেওবাৰে পুৱা ১ বজাৰ পৰা ২ বজালা ইণ্টাৰনেট বেংকিং,YONO and YONO Lite এপৰ সেৱা উপলব্ধ নহ'ব । যদিও আৰটিজিএছ (RTGS ) সেৱাসমূহ পূৰ্বৰ দৰে উপলব্ধ হ'ব।"
ইপিনে কিছু বিশেষ কাৰ্যকলাপৰ বাবে ২১মে'ৰ দিনটোৰ লগতে আজিও নিৰ্দিষ্ট সময়ৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ ইণ্টাৰনেট (অনলাইন) সেৱাসমূহ ব্যাহত হৈ আছে । বৃহস্পতিবাৰেই টুইটযোগে এই কথা উল্লেখ কৰিছিল ভাৰতীয় ষ্টেট বেংকে । য'ত তেওঁলোকে উল্লেখ কৰিছিল এনেদৰে, "আমি আপোনালোকক এক উন্নত বেংকিং অভিজ্ঞতা প্ৰদান কৰিবলৈ চেষ্টা কৰি আছো সেয়েহে আমাৰ সৈতে সহযোগ কৰিবলৈ অনুৰোধ জনাইছো ।"
ইয়াৰ পূৰ্বে ৭ আৰু ৮ মে'তো বিশেষ কাৰ্যকলাপৰ ভাৰতীয় ষ্টেট বেংকৰ অনলাইন সেৱাসমূহ প্ৰভাৱিত হোৱা দেখিবলৈ পোৱা গৈছিল।
উল্লেখ্য যে, সমগ্ৰ দেশতে ২২,০০০ তকৈও অধিক শাখা আৰু ৫৭,৮৮৯ টাত কৈ অধিক এটিএমৰ সৈতে, ভাৰতীয় ষ্টেট বেংক হৈছে ভাৰতৰ সৰ্ববৃহৎ বেংক । বিগত ৩১ ডিচেম্বৰলৈকে ইয়াৰ ৮৫ মিলিয়ন ইণ্টাৰনেট বেংকিং আৰু ১৯ মিলিয়ন মোবাইল বেংকিং ব্যৱহাৰকাৰী আছিল। আনফালে SBI Yonoৰ ৩৪.৫ মিলিয়নৰো অধিক পঞ্জীভূক্ত ব্যৱহাৰকাৰী আছে । YONOয়ে প্ৰতিদিনে ৯ মিলিয়ন লগ-ইনৰ সাক্ষী হয়। লগতে ২০২০ৰ শেষত তিনিমাহত YONOৰ জৰিয়তে ১.৫ মিলিয়নৰো অধিক একাউণ্ট খোলা হৈছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|