গাড়ীত বহি আছিল শচীন তেণ্ডুলকাৰ, ড্ৰাইভাৰ নোহোৱাকৈয়ে চলিল গাড়ী, চাওক ভিডিঅ’

৪১ ছেকেণ্ডৰ এই ভিডিঅ’ত শচীনে ড্ৰাইভিং ছীটৰ কাষৰ ছীটত বহি থকা দেখা গৈছে। ড্ৰাইভিং ছীটত নাছিল কোনো লোক।

News18-Assam
Updated:August 3, 2019, 11:22 AM IST
গাড়ীত বহি আছিল শচীন তেণ্ডুলকাৰ, ড্ৰাইভাৰ নোহোৱাকৈয়ে চলিল গাড়ী, চাওক ভিডিঅ’
৪১ ছেকেণ্ডৰ এই ভিডিঅ’ত শচীনে ড্ৰাইভিং ছীটৰ কাষৰ ছীটত বহি থকা দেখা গৈছে। ড্ৰাইভিং ছীটত নাছিল কোনো লোক।
News18-Assam
Updated: August 3, 2019, 11:22 AM IST
ভাৰতীয় ক্ৰিকেট দলৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰে নিজৰ বেটিং পৰাক্ৰমেৰে বিশ্বৰ খেলুৱৈক আচৰিত কৰি তুলিছিল। কিন্তু এইবাৰ এখন গাড়ীত বহি নিজেই আচৰিত হ’ল তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰে টুইটাৰত নিজেই এটা ভিডিঅ’ পোষ্ট কৰিছে, য’ত তেওঁ বহি থকা বাহনখন চালক নোহোৱাকৈয়ে গতি কৰা দেখা গৈছে। আচৰিত হৈ তেণ্ডুলকাৰে লিখিছে – এনেকুৱা লাগিছিল যেন গাড়ীখন মিষ্টাৰ ইণ্ডিয়াই চলাই আছে।

৪১ ছেকেণ্ডৰ এই ভিডিঅ’ত শচীনে ড্ৰাইভিং ছীটৰ কাষৰ ছীটত বহি থকা দেখা গৈছে। ড্ৰাইভিং ছীটত নাছিল কোনো লোক। আচলতে এই ভিডিঅ’টোত তেণ্ডুলকাৰে এখন ড্ৰাইভাৰলেছ বাহনত বহি আছে যিখন নিজে নিজে ষ্টাৰ্ট হৈ গেৰেজত পাৰ্ক হৈ যায়।



ড্ৰাইভাৰলেছ বাহনৰ ভিডিঅ’ পোষ্ট কৰি তেণ্ডুলকাৰে লিখিছে যে মোৰ গেৰেজত নিজে নিজে গাড়ী পাৰ্ক হৈ যোৱা এয়া এক ৰোমাঞ্চকৰ অনুভৱ। এনেকুৱা লাগিছে যেন মিষ্টাৰ ইণ্ডিয়াই বাহনখন নিয়ন্ত্ৰণ কৰিছে! মোৰ বিশ্বাস যে মোৰ বন্ধুসকলৰ সৈতে উইকেণ্ডৰ বাকী সময় এনেধৰণৰ ৰোমাঞ্চকৰ হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি