• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • JIOৰ গ্ৰাহকৰ বাবে সুখবৰ! 1gbps হাইস্পীড ডাটাৰ বাবে সাজু হওক আপুনিও, ভাৰতত অচিৰেই সংযোজিত হ'ব 5G সেৱা...

JIOৰ গ্ৰাহকৰ বাবে সুখবৰ! 1gbps হাইস্পীড ডাটাৰ বাবে সাজু হওক আপুনিও, ভাৰতত অচিৰেই সংযোজিত হ'ব 5G সেৱা...

ভাৰতৰ ডিজিটেল জগতত একক আৰু অনন্য জিঅ'ই এইবাৰ গ্ৰাহকৰ বাবে সম্পূৰ্ণ কৰি তুলিছে বহু প্ৰতীক্ষিত 5G সেৱা।

ভাৰতৰ ডিজিটেল জগতত একক আৰু অনন্য জিঅ'ই এইবাৰ গ্ৰাহকৰ বাবে সম্পূৰ্ণ কৰি তুলিছে বহু প্ৰতীক্ষিত 5G সেৱা।

ভাৰতৰ ডিজিটেল জগতত একক আৰু অনন্য জিঅ'ই এইবাৰ গ্ৰাহকৰ বাবে সম্পূৰ্ণ কৰি তুলিছে বহু প্ৰতীক্ষিত 5G সেৱা।

  • Share this:
ভাৰতবৰ্ষত ডিজিটেল পৃথিৱীৰে প্ৰতিগৰাকী লোকক চিনাকি কৰোৱাৰ ক্ষেত্ৰত অন্যতম হৈছে ৰিলায়েন্স জিঅ'। প্ৰতিগৰাকী লোকৰ বাবে ডিজিটেল দুনীয়াক সুলভ ৰূপত গঢ়ি তুলিছিল জিঅ'ই । ইতিমধ্যে 4G সেৱা অব্যাহত থকা ভাৰতত অচিৰেই সংযোজিত হ'ব 5G সেৱা। এইক্ষেত্ৰত ৰিলায়েন্স জিঅ' ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে কাম। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে জিঅ'ই ডিজিটেল প্লেটফৰ্ম আৰু দেশীয়ভাৱে বিকশিত পৰৱৰ্তী প্ৰজন্মৰ ৫জি (5G)ষ্টেকৰ ৰোলআউট ত্বৰান্বিত কৰি আছে লগতে এইটোও উল্লেখ কৰিছে যে বিশ্বব্যাপী আৰম্ভ হোৱা ডিজিটেল বিপ্লৱৰ শীৰ্ষত আছে ভাৰতবৰ্ষ।

ৰিলায়েন্স জিঅ'ই পৰৱৰ্তী ৩০০ নিযুত মোবাইল ব্ৰডবেণ্ড গ্ৰাহক, ৫০ নিযুততকৈ অধিক ফাইবাৰ হোম আৰু ৫০ নিযুত মাইক্ৰ', ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ৰ বাবে পৰ্যাপ্ত নেটৱৰ্ক ক্ষমতা গঢ়ি তুলিব বুলিও ইয়াত উল্লেখ কৰা হৈছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে বাৰ্ষিক প্ৰতিবেদনত কয় যে, কোৱালক'ম আৰু জিঅ'ই ভাৰতত সফলতাৰে ৫জি (5G)সেৱাৰ পৰীক্ষা সম্পন্ন কৰিছে, ইতিমধ্যে এই পৰীক্ষণত জিঅ' ৫জি (5G)সেৱাত 1Gbps হাইস্পীড ডাটা প্ৰাপ্ত কৰিছে।

বাৰ্ষিক প্ৰতিবেদন অনুসৰি জেপিএলৰ (JPL) সম্পূৰ্ণ মালিকানাধীন সহায়ক কোম্পানী ৰেডিচিছ কৰ্পোৰেচনৰ (Radisys Corporation)সৈতে জিঅ' আৰু কোৱালকমে এক ভাৰ্চুৱেলাইজড (virtualised)আৰএএন (vRAN)ৰ সৈতে এক মুক্ত আৰু আন্তঃকাৰ্যকৰী আন্তঃপৃষ্ঠ-অনুসৰণকাৰী স্থাপত্য (interoperable interface-compliant architecture)-আধাৰিত ৫জি (5G) সেৱা বিকশিত কৰিছে, যি ভাৰতত দেশীয় ৫জি (5G) নেটৱৰ্কৰ আন্তঃগাঁথনি আৰু সেৱাৰ বিকাশ আৰু ৰোলআউট ক্ষিপ্ৰ কৰিব।

বিশ্বজুৰি ডিজিটেল বিপ্লৱৰ ক্ষেত্ৰত ভাৰতৰ স্থান শীৰ্ষতম, বাৰ্ষিক প্ৰতিবেদন অনুসৰি "জিঅ'ই ডিজিটেল প্লেটফৰ্ম আৰু দেশীয়ভাৱে বিকশিত পৰৱৰ্তী প্ৰজন্মৰ ৫জি (5G)ষ্টেকৰ ৰোলআউট ত্বৰান্বিত কৰি আছে, ইয়াক সুলভ আৰু সকলো ঠাইতে উপলব্ধ ৰূপত গঢ়ি তোলা হ'ব।

জিঅ'ই আৰম্ভণিৰে পৰা ৫০ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক বিনিয়োগ আগবঢ়াই ভাৰতত সৰ্ববৃহৎ আৰু উন্নত ডিজিটেল আৰু সংযোগ ইক'চিষ্টেম (connectivity ecosystem) সৃষ্টি কৰিছে, যাৰ সৈতে এপ্ আৰু ডিজিটেল প্লেটফৰ্মৰ সমাহাৰ ঘটিছে।

উল্লেখ কৰা হৈছে যে - "ভাৰতক বিশ্বৰ মুখ্য ডিজিটেল সমাজ আৰু অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ ইয়াৰ ইক'চিষ্টেম বৃদ্ধি কৰাৰ ক্ষেত্ৰত জিঅ'ই বৰ্তমানৰ ৪২৬ নিযুত গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰাই নহয় পৰৱৰ্তী ৩০০ নিযুত মোবাইল ব্যৱহাৰকাৰী, ৫০ নিযুত ঘৰ আৰু ৫০ নিযুত মাইক্ৰ', ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ৰ বাবে ডিজিটেল দিশত পৰিৱৰ্তনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে"।

২০২০-২১ বিত্তীয় বৰ্ষৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে প্ৰতিবেদনত কোৱা হৈছে যে - জিঅ' প্লেটফৰ্মে বিশ্বৰ (JPL)১৩ জন মাৰ্কিন বিনিয়োগকাৰীৰ পৰা ১,৫২,০৫৬ কোটি টকাৰ পুঁজি সংগ্ৰহ কৰিছিল।

অহা কেইবছৰমানৰ ভিতৰত, জিঅ'ই সমগ্ৰ দেশতে এক ৰোবাষ্ট (robust) ৱায়াৰলাইন নেটৱৰ্ক সৃষ্টিৰ ওপৰত গুৰুত্ব দিব, প্ৰতিটো ঘৰ আৰু উদ্যোগক হাইস্পীড সংযোগ আৰু ডিজিটেল সেৱা আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিছে।
Published by:Kokil Sarma
First published: