Facebookৰ পিছত এতিয়া Jio প্লেটফৰ্মত Silver Lake–এ কৰিব ৫৬৫৫ কোটি টকা বিনিয়োগ

ছিলভাৰ লেকৰ সহকাৰী মুখ্য কাৰ্যবাহী বিষয়া আৰু মেনেজিং পাৰ্টনাৰ এগন ডাৰবানে এই চুক্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে ৰিলায়েঞ্চ জিঅ’ বিশ্বৰ লেখত ল’বলগীয়া কোম্পানীসমূহৰ ভিতৰত এটা।
ছিলভাৰ লেকৰ সহকাৰী মুখ্য কাৰ্যবাহী বিষয়া আৰু মেনেজিং পাৰ্টনাৰ এগন ডাৰবানে এই চুক্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে ৰিলায়েঞ্চ জিঅ’ বিশ্বৰ লেখত ল’বলগীয়া কোম্পানীসমূহৰ ভিতৰত এটা।
- News18 Assam
- Last Updated: May 4, 2020, 10:40 AM IST
বিশ্বৰ বৃহৎ ছচিয়েল মিডিয়া প্লেটফৰ্ম কোম্পানী ফেচবুকে শেহতীয়াকৈ ভাৰতৰ সৰ্ববৃহৎ টেলিকম কোম্পানী ৰিলায়েঞ্চ জিঅ’ত ৯.৯৯ শতাংশ অংশীদাৰিত্ব ৪৩,৫৭৪ কোটি টকাত ক্ৰয় কৰাৰ কথা ঘোষণা কৰিছে।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ফালৰ পৰা বিজ্ঞপ্তি জাৰি কৰি কোৱা হৈছে যে, এই বিনিয়োগ জিঅ’ প্লেটফৰ্মত ৪.৯০ লাখ কোটি টকাৰ ইকুইটী মূল্য আৰু ৫.১৫ লাখ কোটি টকাৰ এণ্টাৰপ্ৰাইজেজ ভেল্যু। এই চুক্তি ফেচবুক চুক্তিৰ তুলনাত ১২.৫ প্ৰিমিয়ামত হৈছে।
২০১৬ চনত জিঅ’ৰ মুকলিৰ পিছত ৰিলায়েঞ্চ দেশৰ একমাত্ৰ এনেকুৱা কোম্পানী হিচাপে পৰিগণিত হ’ল, যিয়ে দ্ৰুতগতিত উন্নতি লাভ কৰি ভাৰতীয় বজাৰত আমেৰিকান প্ৰযুক্তি গোটৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হয়। ৰিলায়েঞ্চে ম’বাইল টেলিকমৰ পৰা আৰম্ভ কৰি ব্ৰডবেণ্ডলৈ সকলো ক্ষেত্ৰতে ই–কমাৰ্চৰ বিস্তাৰ কৰিছে।