আপোনাৰ ম’বাইলত লাইভ মেচ চাবলৈ Jioই নিজৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে বিশেষ ডাটা প্লেন।
আপোনাৰ ম’বাইলত লাইভ মেচ চাবলৈ Jioই নিজৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে বিশেষ ডাটা প্লেন।
বিশ্বজুৰি এতিয়া ক্ৰিকেটৰ জ্বৰ। বিশেষকৈ আজিৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে ভাৰতবাসীয়ে। কাৰণ আজি চলিত বিশ্বকাপৰ প্ৰথমখন যুঁজত নামিব টীম ইণ্ডিয়া। আপোনাৰ ম’বাইলত লাইভ মেচ চাবলৈ Jioই নিজৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে বিশেষ ডাটা প্লেন। Jio Cricket Season Data Pack নামৰ এই নতুন প্ৰি–পেইড ৰিচাৰ্জ প্লেনৰ বাবে ব্যৱহাৰকাৰীয়ে কেৱল ২৫১ টকাৰ ৰিচাৰ্জ কৰিব লাগিব। য’ত ৫১ দিনৰ বাবে ১০২ জিবি ডাটা লাভ কৰিব। এই প্লেনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ডাটা পেকৰ জৰিয়তে আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১৯ৰ সকলো মেচৰ লাইভ ষ্ট্ৰিমিং কৰিব পৰা যাব।
এই প্লেনৰ বিষয়ে Jioৰ তৰফৰ পৰা কোৱা হয় যে, এই পেক ২০১৯ৰ বিশ্বকাপ ক্ৰিকেটৰ সকলো মেচৰ লাইভ ষ্ট্ৰিমিঙৰ বাবে পৰ্যাপ্ত। যদি ব্যৱহাৰকাৰীৰ হটষ্টাৰ নাই, তেন্তে এই প্লেনৰ জৰিয়তে সুবিধা ল’ব পাৰিব। মেচৰ ষ্ট্ৰিম কৰিবলৈ ব্যৱহাৰকাৰীয়ে হটষ্টাৰ আৰু JioTV দুয়োটা মাধ্যমে ব্যৱহাৰ কৰিব পাৰে।
এই ডাটা পেক ৰিচাৰ্জ কৰাৰ পিছত ব্যৱহাৰকাৰীসকলক জিঅ’ৰ তৰফৰ পৰা আয়োজিত এক অনলাইন ফেণ্টাচী ক্ৰিকেট গেম, Jio ক্ৰিকেট প্লে’ও উপলব্ধ হ’ব। যিটোৱে ব্যৱহাৰকাৰীক গেমৰ জৰিয়তে অনুমান বা ভৱিষ্যদ্বাণী কৰাৰ অনুমতি প্ৰদান কৰিব। যদি ব্যৱহাৰকাৰীৰ ভৱিষ্যদ্বাণী মিলে তেন্তে তেওঁ পইণ্ট আৰু পুৰস্কাৰ জিকাৰো সুবিধা লাভ কৰিব।
২৫১ টকাৰ এই জিঅ’ ক্ৰিকেট ছিজন ডাটা পেকত ডাটাৰ উপৰিও আন বহুতো সুবিধা লাভ কৰিব। আনলিমিটেড কল আৰু এছ এম এছৰো সুবিধা লাভ কৰিব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|