টেলিকম অপাৰেটৰ কেছবেক ব্যৱহাৰকাৰীৰ জিঅ’ একাউণ্টত জমা কৰি দিব, যাৰ ব্যৱহাৰ ভৱিষ্যতে ৰিচাৰ্জৰ বাবে কৰিব পাৰিব।
টেলিকম অপাৰেটৰ কেছবেক ব্যৱহাৰকাৰীৰ জিঅ’ একাউণ্টত জমা কৰি দিব, যাৰ ব্যৱহাৰ ভৱিষ্যতে ৰিচাৰ্জৰ বাবে কৰিব পাৰিব।
ৰিলায়েঞ্চ ৰিটেইল (Reliance Retail) ৰিলায়েঞ্চ জিঅ’ (Reliance Jio)ৰ তিনিটা প্ৰিপেইড প্লানত গ্ৰাহকে ২০ শতাংশ কেছবেক দি আছে। কোম্পানীয়ে তিনিটা ৰিচাৰ্জ প্লেত কেশবেক অফাৰ লঞ্চ কৰিছে। ৰিলায়েঞ্চ জিঅ’ ব্যৱহাৰকাৰীয়ে ২৪৯ টকা, ৫৫৫ টকা আৰু ৫৯৯ টকাৰ ৰিচাৰ্জ প্লানত কেছবেকৰ লাভ উঠাব পাৰিব। উল্লেখযোগ্য যেএই কেছবেক আপুনি MyJio এপ বা জিঅ’ৰ অফিচিয়েল ৱেবছাইটৰ পৰা ৰিচাৰ্জ কৰিলেহে লাভ কৰিব। টেলিকম অপাৰেটৰ কেছবেক ব্যৱহাৰকাৰীৰ জিঅ’ একাউণ্টত জমা কৰি দিব, যাৰ ব্যৱহাৰ ভৱিষ্যতে ৰিচাৰ্জৰ বাবে কৰিব পাৰিব।
২৪৯ টকাৰ প্লান
জিঅ’ৰ ২৪৯ টকাৰ এই প্লানত ৰিলায়েঞ্চ জিঅ’ৰ ফালৰ পৰা কেছবেক অফাৰ আগবঢ়োৱা হৈছে। এই প্লানৰ সৈতে 2GB ডাটাৰ সৈতে ২৮ দিনৰ ভেলিডিটি পোৱা যায়। যিকোনো নেটৱৰ্কত আনলিমিটেড ভইচ কলিঙৰ সুবিধা আৰু প্ৰতিদিনে ১০০ এছএমএছ পাব।
৫৫৫ টকাৰ প্লান
জিঅ’ ৫৫৫ টকাৰ এই জিঅ’ প্ৰিপেইড প্লানত ব্যৱহাৰকাৰীয়ে ২০ শতাংশ কেছবেক প্ৰদান কৰিছে। এই প্লানত প্ৰতিদিনে 1.5 GB ডাটা পোৱা যায়, যাৰ ভেলিডিটি ৮৪ দিন। ইয়াৰ সৈতে যিকোনো নেটৱৰ্কত আনলিমিটেড ভইচ কলিং আৰু প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধা পোৱা যায়।
৫৯৯ টকাৰ প্লান
৫৯৯ টকাৰ এই প্ৰিপেইড প্লানত ২০ শতাংশ কেছবেক পোৱা যাব। এই প্লানৰ সৈতে পোৱা সুবিধাসমূহ হ’ল প্ৰতিদিনে 2GB ডাটাৰ সৈতে ৮৪ দিনৰ ভেলিডিটি। এই হিচাপত এই প্লান মুঠ 168 GB ডাটা আৰু প্ৰতিদিনে ১০০ এছএমএছ পোৱা যায়।
ওপৰত উল্লেখ কৰা সকলো Jio Recharge Plansৰ সৈতে JioCinema, JioTVৰ উপৰি জিঅ’ ছিকিউৰিটী, জিঅ’ নিউজ আৰু জিঅ’ ক্লাউডৰ দৰে জিঅ’ এপছৰ এক্সেছ বিনামূলীয়াকৈ দিয়া হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|