তিনিচুকীয়াত কথা পাতি থকাৰ সময়তে ম’বাইল বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা যুৱকৰ

ৰে’লৱেত কৰ্মৰত যুৱকজনে কৰ্তব্যস্থানলৈ গৈ থকাৰ সময়তে পত্নীয়ে ফোন কৰিছিল। পত্নীৰ ফোনটো ৰিচিভ কৰাৰ পিছতে ম’বাইলটোৰ পৰা ধোঁৱা ওলাবলৈ ধৰে।

News18-Assam
Updated:October 18, 2019, 8:50 AM IST
তিনিচুকীয়াত কথা পাতি থকাৰ সময়তে ম’বাইল বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা যুৱকৰ
ৰে’লৱেত কৰ্মৰত যুৱকজনে কৰ্তব্যস্থানলৈ গৈ থকাৰ সময়তে পত্নীয়ে ফোন কৰিছিল। পত্নীৰ ফোনটো ৰিচিভ কৰাৰ পিছতে ম’বাইলটোৰ পৰা ধোঁৱা ওলাবলৈ ধৰে।
News18-Assam
Updated: October 18, 2019, 8:50 AM IST
তিনিচুকীয়াৰ হিজুগুৰিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ম’বাইল বিস্ফোৰণৰ ঘটনা। অমিত কুমাৰ ৰয় নামৰ যুৱকজনে ফোনত কথা পাতি থকাৰ সময়তে ম’বাইলটোৰ পৰা ধোঁৱা ওলাবলৈ ধৰে। যুৱকজনে ধোঁৱা দেখি দলিয়াই দিয়ে ম’বাইলটো। দলিয়াই দিয়াৰ পিছতে বিস্ফোৰণ ঘটে ম’বাইলটো।

তিনিমাহ পূৰ্বে যুৱকজনে কিনিছিল Redmi Note 7 Pro ম’বাইল। তিনিচুকীয়াৰ জি এন বি পথৰ এছ এছ ম’বাইল নামৰ দোকানকনৰ পৰা ম’বাইলটো ক্ৰয় কৰিছিল যুৱকজনে।

ৰে’লৱেত কৰ্মৰত যুৱকজনে কৰ্তব্যস্থানলৈ গৈ থকাৰ সময়তে পত্নীয়ে ফোন কৰিছিল। পত্নীৰ ফোনটো ৰিচিভ কৰাৰ পিছতে ম’বাইলটোৰ পৰা ধোঁৱা ওলাবলৈ ধৰে। ভয়তে যুৱকজনে ম’বাইলটো দলিয়াই দিয়াৰ পিছতে বিস্ফোৰণ ঘটে।



মানুহৰ জীৱনৰ প্ৰতি ভাবুকিস্বৰূপ এই কোম্পানীটোৰ ম’বাইলৰ বিক্ৰী বন্ধ কৰাৰ দাবী জনাইছে ভুক্তভোগী যুৱকজনে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি