মুকলি হ’ল Redmi 8A স্মাৰ্টফোন, দাম ৭ হাজাৰতকৈ কম

ভাৰতত দুটা ভেৰিয়েণ্টত উপলব্ধ হ’ব এই স্মাৰ্ট ফোনটো।

News18-Assam
Updated:September 25, 2019, 6:56 PM IST
মুকলি হ’ল Redmi 8A স্মাৰ্টফোন, দাম ৭ হাজাৰতকৈ কম
ভাৰতত দুটা ভেৰিয়েণ্টত উপলব্ধ হ’ব এই স্মাৰ্ট ফোনটো।
News18-Assam
Updated: September 25, 2019, 6:56 PM IST
চীনৰ ফোন নিৰ্মাণকাৰী কোম্পানী Xiaomiয়ে মুকলি কৰিলে Redmi 8A স্মাৰ্ট ফোন। Redmi 8A এটা বাজেট ফোন। ফোনটোৰ দাম ৭ হাজাৰতকৈ কম। ভাৰতত দুটা ভেৰিয়েণ্টত উপলব্ধ হ’ব এই স্মাৰ্ট ফোনটো। ২ জিবি ৰেম, ৩২ জিবিৰ ষ্ট’ৰেজযুক্ত ফোনটোৰ দাম হ’ব ৬,৪৯৯ টকা। আনহাতে ৩ জিবি ৰেম আৰু ৩২ জিবি ষ্ট’ৰেজযুক্ত ফোনটোৰ মূল্য হ’ব ৬,৯৯৯ টকা। ৩০ ছেপ্টেম্বৰৰ পৰা Miৰ হোম ষ্ট’ৰত উপলব্ধ হ’ব ফোনটো।

Redmi 8A ফোনটোত থাকিব ৬.২২ ইঞ্চিৰ এইচ ডি প্লাছ ডিছপ্লে’। স্নেপড্ৰেগন ৪৩৯ প্ৰছেচৰযুক্ত ফোনটোৰ স্ক্ৰীণত আছে কৰ্ণিং গৰিল্লা গ্ৰাছ ৫ৰ প্ৰটেকশ্যন। Redmi 8Aত Sony IMX363 ছেনছৰ, ১২ মেগাপিকছেলৰ ৰিয়েৰ কেমেৰা। ফোনটোৰ ফ্ৰণ্ট পেনেলত আচে ৮ মেগাপিকছেলৰ ছেলফি কেমেৰা। আকৰ্ষণীয় এই ফোনটোত আছে আই ফেচ আনলক ফিচাৰ, আছে ফিংগাৰ প্ৰিণ্ট ছেনছৰ। ৫০০০ এম এ এইচৰ বেটাৰী আৰু ১৮ ৱাটৰ ফাষ্ট চাৰ্জিং ছাপ’ৰ্ট।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি