ভাৰতৰ প্ৰথম 64MP কেমেৰাযুক্ত ফোন Realme XTৰ বিক্ৰী আজিৰে পৰা আৰম্ভ, কি আছে অফাৰ?

দুপৰীয়া ১২ বজাত ফ্লিপকাৰ্টত আৰম্ভ হ’ব ফোনটোৰ বিক্ৰী।

News18-Assam
Updated:September 17, 2019, 11:37 AM IST
ভাৰতৰ প্ৰথম 64MP কেমেৰাযুক্ত ফোন Realme XTৰ বিক্ৰী আজিৰে পৰা আৰম্ভ, কি আছে অফাৰ?
দুপৰীয়া ১২ বজাত ফ্লিপকাৰ্টত আৰম্ভ হ’ব ফোনটোৰ বিক্ৰী।
News18-Assam
Updated: September 17, 2019, 11:37 AM IST
Realmeৰ 64MP কেমেৰাযুক্ত Realme XT স্মাৰ্ট ফোনটো আজি (১৬ ছেপ্টেম্বৰ) প্ৰথমবাৰৰ বাবে বজাৰত উপলব্ধ হ’ব। দুপৰীয়া ১২ বজাত ফ্লিপকাৰ্টত আৰম্ভ হ’ব ফোনটোৰ বিক্ৰী। উল্লেখযোগ্য যে 64 মেগাপিক্সেল কেমেৰাযুক্ত এইটো ভাৰতৰ প্ৰথম স্মাৰ্টফোন। এই ফোনটোৰ আৰম্ভণি মূল্য ১৫,৯৯৯ টকা, যিটোত 4GB ৰেম আৰু 64GB ষ্ট’ৰেজ থাকিব। আনহাতে, 6GB ৰেম আৰু 64 GB ষ্ট’ৰেজযুক্ত ফোনটোৰ দাম হ’ব ১৬,৯৯৯ টকা। ইফালে, 8GB ৰেম আৰু 128GB ষ্ট’ৰেজযুক্ত ফোনটোৰ দাম হ’ব ১৮,৯৯৯ টকা।

কি আছে অফাৰ
ৰিয়েলমীৰ অফিচিয়েল ৱেবছাইটৰ পৰা ক্ৰয় কৰিলে গ্ৰাহকে mobikwikৰ তৰফৰ পৰা লাভ কৰিব ছুপাৰ কেছ। ইয়াৰ উপৰি Realme XT ফ্লিবকাৰ্টত ক্ৰয় কৰিলে ন’–কষ্ট EMI আৰু কমপ্লিট ম’বাইল প্ৰটেকশ্যন অফাৰ লাভ কৰিব পাৰে।

Realme XTত আছে আকৰ্ষণীয় ফিচাৰ
এই স্মাৰ্ট ফোনটোত ৬.৪ ইঞ্চিৰ SUPER AMOLED ডিছপ্লে’ দিয়া হৈছে। ফোনটোৰ স্ক্ৰীণ প্ৰটেকশ্যনৰ বাবে কৰ্নিং গ’ৰিল্লা গ্লাছ ৫ প্ৰটেকশ্যন আছে। পিছফালে গ’ৰিল্লা গ্লাছৰ ৫ প্ৰটেকশ্যনৰ লগতে 3D গ্লাছ দিয়া হৈছে। ফ্ৰণ্ট কেমেৰাত আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বিউটিফিকেচন ফিচাৰ।



আকৰ্ষণীয় কেমেৰা

এই স্মাৰ্ট ফোনটোত পিছফালে আছো কোৱাড কেমেৰা ছেটআপ। পিছফালে দিয়া চাৰিওটা কেমেৰাৰ ভিতৰত মুখ্য কেমেৰা ৬৪ মেগাপিক্সেল, ৮ মেগাপিক্সেলৰ ৱাইড এংগল ছেনছৰ, ২ মেগাপিক্সেলৰ মেক্ৰ’ কেমেৰা আৰু ২ মেগাপিক্সেলৰ ডেপ্থ ছেনছৰ দিয়া হৈছে। ফোনটোত ছেলফীৰ বাবে ১৬ মেগাপিক্সেলৰ SonY iMX 471 ছেনছৰ দিয়া হৈছে।



Realme XTত 4000mAh বেটাৰী দিয়া হৈছে, যিটো ২০ ৱাট VOOC 3.0 ফাষ্ট চাৰ্জিং ছাপ’ৰ্টৰ সৈতে উপলব্ধ। কোম্পানীৰ মতে ৮০ মিনিটত ফুল চাৰ্জ হ’ব এই ফোনটো।

 NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি