Fau-G Game: PUBG নিষিদ্ধ হোৱাৰ পিছতে অক্ষয় কুমাৰে ঘোষণা কৰিলে নতুন এক্সন গেম

News18 Assam | News18-Assam
Updated:September 5, 2020, 11:57 AM IST
Fau-G Game: PUBG নিষিদ্ধ হোৱাৰ পিছতে অক্ষয় কুমাৰে ঘোষণা কৰিলে নতুন এক্সন গেম
ভাৰতবৰ্ষত নিষিদ্ধ হ’ল PUBG। জনপ্ৰিয় গেমিং এপ PUBG নিষিদ্ধ হোৱাৰ পিছতে এইবাৰ অক্ষয় কুমাৰে আনিছে নতুন এক্সন গেমিং এপ Fau-G।

ভাৰতবৰ্ষত নিষিদ্ধ হ’ল PUBG। জনপ্ৰিয় গেমিং এপ PUBG নিষিদ্ধ হোৱাৰ পিছতে এইবাৰ অক্ষয় কুমাৰে আনিছে নতুন এক্সন গেমিং এপ Fau-G।

  • News18 Assam
  • Last Updated: September 5, 2020, 11:57 AM IST
  • Share this:
ভাৰতবৰ্ষত PUBGৰ আছিল অভূতপূৰ্ব জনপ্ৰিয়তা। দেশৰ প্ৰায় ২০ কোটি লোকে ডাউনলোড কৰিছিল নিষিদ্ধ ঘোষিত PUBG। কিন্তু PUBG নিষিদ্ধ হোৱাৰ পিছতে এইবাৰ এক নতুন গেমিং এপ মুকলি কৰিবলৈ সাজু হৈছে বলীউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’শ্লোগানৰ প্ৰতি সমৰ্থন জনাই Fau-G গেমৰ পৰিকল্পনা কৰিছে অভিনেতাজনে।

অক্ষয় কুমাৰে টুইটযোগে এই গেমটোৰ বিষয়ে জানিবলৈ দিয়ে। আনকি গেমটোৰ পৰা হ’বলগীয়া উপাৰ্জনৰ ২০ শতাংশ নেট ৰেভিনিউ ভাৰতৰ বীৰ ট্ৰাষ্টৰ বাবে দিয়া হ’ব বুলিও জনাই অভিনেতাজনে। এই গেমটোৰ যোগেদি কেৱল মনোৰঞ্জনেই নহয়, ভাৰতীয় বীৰ সেনাৰ বলীদানৰ সন্দৰ্ভতো জনোৱা হ’ব।



Fau-Gৰ সম্পূৰ্ণ নাম কি?

শুকুৰবাৰে নিশা অক্ষয় কুমাৰে গেমটোৰ কথা ঘোষণা কৰাৰ লগে লগে সকলোৰে মাজত কৌতুহলৰ সৃষ্টি হয়। গেমটোৰ সম্পূৰ্ণ নাম হৈছে- 'Frealess and United Guards'।এই গেমটো বেংগালুৰুস্থিত মোবাইল গেম ডেভলপাৰ nORE Gamesৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। অহা অক্টোবৰ মাহত আনুষ্ঠানিক ভাবে মুকলি কৰা হ’ব Fau-G।
Published by: Himangshu Bhuyan
First published: September 5, 2020, 11:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading