গাঁৱে গাঁৱে উপলদ্ধ হ’ব বিনামূলীয়া WiFi সেৱা, চৰকাৰৰ পৰিকল্পনা!

WiFiৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে প্ৰথম বছৰ এই সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব।

News18-Assam
Updated:June 30, 2019, 2:06 PM IST
গাঁৱে গাঁৱে উপলদ্ধ হ’ব বিনামূলীয়া WiFi সেৱা, চৰকাৰৰ পৰিকল্পনা!
WiFiৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে প্ৰথম বছৰ এই সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব।
News18-Assam
Updated: June 30, 2019, 2:06 PM IST
দেশৰ গাঁৱে গাঁৱে ৰাজহুৱা WiFi কেন্দ্ৰ খোলাৰ কাম চলি আছে। এবছৰপৰ্যন্ত বিনামূলীয়া WiFi সেৱা লাভ কৰিব জনসাধাৰণে। দেশত ৩ লাখ ৫০ হাজাৰ কমন ছাৰ্ভিচ চেণ্টাৰক ইয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ১০ লাখ WiFi হটস্পট স্থাপন কৰিব। কমন ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে WiFi কাৰ্যালয় খুলিব চৰকাৰে।

বৰ্তমান দেশত ৩.৫ লাখ কমন ছাৰ্ভিচ চেণ্টাৰ আছে। চৰকাৰে ৪ হাজাৰ কোটিৰ টেণ্ডাৰ উলিয়াব। সূত্ৰ অনুসৰি, দূৰসংযোগ বিভাগে শীঘ্ৰে ইয়াৰ অনুমোদন দিয়াৰ সম্ভাৱনা আছে। WiFiৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে প্ৰথম বছৰ এই সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়া হ’ব।

মোদী চৰকাৰে WhatsAppৰ দৰে নিজৰ এপ মুকলিৰ প্ৰস্তুতি চলাইছে। আচলতে আমেৰিকাই নিজৰ দেশত চিনা কোম্পানী হুৱাৱেক চোৰাংচোৱাৰ অভিযোগত নিষিদ্ধ কৰিছে। ইয়াৰ পিছত ভাৰত চৰকাৰো সজাগ হৈছে। চৰকাৰে সিদ্ধান্ত লৈছে যে যোগাযোগৰ বাবে এক এনেধৰণৰ এপ মুকলি কৰা হওক, যাৰ ডাটা ভাৰততে ষ্ট’ৰ হয়। সূত্ৰ অনুসৰি, মোদী চৰকাৰে চৰকাৰী এজেঞ্চীৰ মাজত যোগাযোগৰ বাবে এনে এটা এপ মুকলি কৰাৰ চিন্তা–চৰ্চা কৰিছে, য’ত ই–মেইল আৰু মেছেজিঙৰ সুবিধা থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি