৪ মিনিট চাৰ্জ দিলে চলিব ১০০ কিলোমিটাৰ, ৩.৫ ছেকেণ্ডত ল’ব ১০০ কিলোমিটাৰ স্পীড

News18-Assam
Updated:August 1, 2019, 2:41 PM IST
৪ মিনিট চাৰ্জ দিলে চলিব ১০০ কিলোমিটাৰ, ৩.৫ ছেকেণ্ডত ল’ব ১০০ কিলোমিটাৰ স্পীড
কোম্পানীটোৱে দাবী কৰিছে যে Taycan-এ ঘণ্টাত ০–১০০ কিলোমিটাৰ গতি ল’ব প্ৰায় ৩.৫ ছেকেণ্ডত।

কোম্পানীটোৱে দাবী কৰিছে যে Taycan-এ ঘণ্টাত ০–১০০ কিলোমিটাৰ গতি ল’ব প্ৰায় ৩.৫ ছেকেণ্ডত।

  • Share this:
অটো মাৰ্কেটত আজিকালি সৰ্বাধিক চৰ্চা চলিছে ইলেকট্ৰিক বাহনক লৈ। প্ৰতিটো কোম্পানীয়ে এতিয়া এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে। জাৰ্মান কোম্পানী পাৰ্ছে শীঘ্ৰে ভাৰতত মুকলি কৰিব এখন বিশেষ ইলেকট্ৰিক বাহন। এই আকৰ্ষণীয় ইলেকট্ৰিক বাহনখনৰ নাম Taycan।

এই বাহনখন ২০১৯ৰ ছেপ্টেম্বৰত বিশ্ববাসীৰ সন্মুখলৈ মুকলি কৰি দিয়া হ’ব আৰু ডিচেম্বৰৰ পৰা বিক্ৰী আৰম্ভ হ’ব। গুৰুত্বপূৰ্ণ কথাটো হ’ল পাৰ্ছে ভাৰতত আগন্তুক বৰ্ষত হ’বলগীয়া অটো এক্সপ’তো এই বাহনখন প্ৰদৰ্শন কৰিব পাৰে আৰু ২০২০ত মুকলি হ’ব পাৰে। এই বাহনখনত কি কি সুবিধা থাকিব, সেই সকলো তথ্য এতিয়াও জানিব পৰা হোৱা নাই।



কোম্পানীটোৱে দাবী কৰিছে যে Taycan-এ ঘণ্টাত ০–১০০ কিলোমিটাৰ গতি ল’ব প্ৰায় ৩.৫ ছেকেণ্ডত। এবাৰ চাৰ্জ কৰিলে ৫০০ কিলোমিটাৰ চলাব পৰা যাব এই বাহনখন। ইয়াৰ উপৰি পাৰ্ছে ৮০০ ভ’ল্টৰ ফাষ্ট চাৰ্জিং ছেটআপৰ ওপৰত কাম কৰি আছে কোম্পানীটোৱে। যাৰ ফলত মাত্ৰ ৪ মিনিটতে ১০০ কিলোমিটাৰ চলিব পৰা চাৰ্জ হ’ব বাহনখনত।

বাহনখনৰ দেখাত অতি আকৰ্ষণীয়। বাহিৰত দেখা যিমান ধুনীয়া, ভিতৰখনো সিমানেই ধুনীয়া হ’ব বাহনখনৰ। এই বাহনখন শক্তিশালী হোৱাৰ লগতে সম্পূৰ্ণ ইলেকট্ৰ’নিক।
আৰু চাওক পৰৱৰ্তী বাতৰি