মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Bank Offer: কম মূল্যতে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান ক্ৰয় কৰাৰ সুযোগ এইটো চৰকাৰী বেংকৰ ! এইক্ষেত্ৰত আপুনি কেনেদৰে আগবাঢ়িব? জানক

Bank Offer: কম মূল্যতে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান ক্ৰয় কৰাৰ সুযোগ এইটো চৰকাৰী বেংকৰ ! এইক্ষেত্ৰত আপুনি কেনেদৰে আগবাঢ়িব? জানক

News18 Assam | News18-Assam
Updated:June 24, 2021, 4:20 PM IST
Bank Offer: কম মূল্যতে ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান ক্ৰয় কৰাৰ সুযোগ এইটো চৰকাৰী বেংকৰ ! এইক্ষেত্ৰত আপুনি কেনেদৰে আগবাঢ়িব? জানক
আজি অৰ্থাৎ ২৪ জুনত পঞ্জাৱ নেচনেল বেংকৰ দ্বাৰা ই-নিলাম সম্পন্ন হৈছে। এই বৃহৎ ই-নিলামত আপুনি ঘৰ, দোকান আৰু খেতিৰ বাবে কম দামত মাটিও ক্ৰয়

আজি অৰ্থাৎ ২৪ জুনত পঞ্জাৱ নেচনেল বেংকৰ দ্বাৰা ই-নিলাম সম্পন্ন হৈছে। এই বৃহৎ ই-নিলামত আপুনি ঘৰ, দোকান আৰু খেতিৰ বাবে কম দামত মাটিও ক্ৰয়

  • Share this:
প্ৰতিজন ব্যক্তিৰেই এখন নিজা ঘৰ সজাৰ মন থাকে। কিন্তু বহুকেইটা আৰ্থিক সমস্যাই এই ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিয়ে। যদি আপুনিও নিজাকৈ এটা ঘৰ ক্ৰয় কৰাৰ বাবে পৰিকল্পনা কৰি আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। দেশৰ দ্বিতীয় সৰ্ববৃহৎ চৰকাৰী বেংকে আপোনাক কম টকাতে এটা ঘৰ ক্ৰয় কৰাৰ সুযোগ প্ৰদান কৰি আছে। পঞ্জাৱ নেচনেল বেংকে (Punjab National Bank)আয়োজন কৰিছে মেগা ই-নিলাম প্ৰক্ৰিয়া। আজি অৰ্থাৎ ২৪ জুনত বেংকৰ দ্বাৰা ই-নিলাম সম্পন্ন হৈছে। এই বৃহৎ ই-নিলামত আপুনি ঘৰ, দোকান আৰু খেতিৰ বাবে কম দামত মাটিও ক্ৰয় কৰিব পাৰে। এই সম্বন্ধে টুইটাৰৰ জৰিয়তে তথ্য সদৰি কৰিছে প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে, বেংকে বৰ্তমান ১৩,০১৪ আৱাসিক সম্পত্তি (residential properties) নিলাম কৰি আছে। ইয়াৰ উপৰিও ২৭৯৬ টা বাণিজ্যিক সম্পত্তি (commercial properties), ১৩৭৩ ঔদ্যোগিক সম্পত্তি, ১০৪ টাকৈ কৃষি সম্পত্তিয়ো আছে। এই সকলোবোৰ সম্পত্তি বেংকৰ দ্বাৰা নিলাম কৰা হ'ব।

পঞ্জাৱ নেচনেল বেংকে কৰিছে টুইট

পঞ্জাৱ নেচনেল বেংকে টুইটত লিখিছিল, আপোনাৰ কেলেণ্ডাৰ চিহ্নিত কৰক! আৱাসিক আৰু বাণিজ্যিক সম্পত্তিৰ বাবে উচিত মূল্য প্ৰাপ্ত কৰিবলৈ পিএনবিৰ মেগা ই-নিলামত অংশগ্ৰহণ কৰক। লগতে অধিক জানিবলৈ, ই-চেল পৰ্টেল https://ibapi.in অপেন কৰক।

নিবিদাকাৰীসকলে প্ৰথমেই পূৰণ কৰিব লাগিব এই চৰ্ত -

>> নিবিদাকাৰীয়ে তেওঁৰ ম'বাইল নম্বৰ আৰু ইমেইল-আইডি ব্যৱহাৰ কৰি ই-নিলাম প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব।
>> তাৰ পিছত প্ৰয়োজনীয় KYC ডকুমেণ্ট আপলোড কৰিব লাগিব। উল্লেখ্য যে KYC ডকুমেণ্ট ই-নিলাম সেৱা প্ৰদানকাৰীৰ দ্বাৰা প্ৰমাণীকৰণ কৰা হ'ব। ইয়াত কমেও দুটা কৰ্মদিন লাগিব পাৰে।

>> আপুনি তাৰ পিছত ই-নিলাম প্লেটফৰ্মত জেনেৰেট হোৱা চালান ব্যৱহাৰ কৰি পৰিমাণটো স্থানান্তৰ কৰিব লাগিব। আপুনি NEFT/স্থানান্তৰ বা অনলাইন/অফলাইনৰ জৰিয়তেও ট্ৰান্সফাৰ কৰিব পাৰে।
>> আগ্ৰহী পঞ্জীভুক্ত নিবিদাকাৰীসকলে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায় সম্পূৰ্ণ কৰাৰ পিছত ই-নিলাম প্লেটফৰ্মত অনলাইন নিবিদা দিব পাৰে

বেংকে সময়ে-সময়ে কৰে নিলাম

ক'ব লাগিব যে যিকোনো সম্পত্তিৰ মালিকে তেওঁৰ ঋণ পৰিশোধ কৰা নাই। কোনো কাৰণবশত ঋণ পৰিশোধ কৰিব নোৱাৰিলে বেংকে ঋণগ্ৰহণকাৰীৰ মাটি নিজৰ অধীনলৈ আনে। এনে সম্পত্তিবোৰ বেংকৰ দ্বাৰা সময়ে-সময়ে নিলাম কৰা হয়। এই নিলামত বেংকে সম্পত্তি বিক্ৰী কৰি ইয়াৰ প্ৰাপ্য পৰিমাণ পুনৰুদ্ধাৰ কৰে।

অৱস্থান, জোখ, আৰু অন্যান্য তথ্য সহ সম্পত্তিৰ ফ্ৰীহোল্ড বা লীজহোল্ডেও নিলামৰ বাবে জাৰি কৰা ৰাজহুৱা জাননীত উল্লেখ কৰা হয়। যদি আপুনি ই-নিলামৰ জৰিয়তে সম্পত্তি এটা ক্ৰয় কৰিব বিচাৰে, আপুনি বেঙ্কলৈ যাব পাৰে আৰু এই প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত সম্পত্তিৰ বিষয়ে যিকোনো তথ্য প্ৰাপ্ত কৰিব পাৰে।
First published: June 24, 2021, 4:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি