உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • জিঅ’ই মুকলি কৰিলে HD ভিডিঅ’ কলিং এপ 'JioMeet', একেলগে ১০০জন থাকিব পাৰিব ভিডিঅ’ কনফাৰেন্সত

    জিঅ’ই মুকলি কৰিলে HD ভিডিঅ’ কলিং এপ 'JioMeet', একেলগে ১০০জন থাকিব পাৰিব ভিডিঅ’ কনফাৰেন্সত

    গুগ’ল ক্ৰ’ম বা ম’জিলা ফায়াৰফক্সৰ পৰাও ব্যৱহাৰ কৰিব পৰা যাব 'JioMeet’ এপ। এণ্ড্ৰইড, iOS সকলোতে ফ্ৰী হ’ব এপটো।

    • Share this:
    ৰিলায়েন্স জিঅ’ৰ আন এক যুগান্তকাৰী পদক্ষেপ। জিঅ’ই মুকলি কৰিলে HD ভিডিঅ’ কলিং এপ 'JioMeet'। ইয়াৰ জৰিয়তে এবাৰতে প্ৰায় ১০০ জনে অংশগ্ৰহণ কৰিব পাৰিব ভিডিঅ’ কনফাৰেন্সত। এই হাই কোৱালিটীৰ এপটো প্লে' ষ্টৰ বা এপ ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব। ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা দিশতে ব্যৱহাৰ কৰিব পৰাকৈ মুকলি কৰা হৈছে এই নতুন এপটো।

    বৰ্তমান যিহেতু সমগ্ৰ দেশতে কোৰোণাৰ আতংক। বহু চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীয়ে ঘৰৰ পৰাই কৰি আছে অফিচিয়েল কাম-কাজ। আনকি মিটিঙতো ভাৰ্চুৱেল উপায়েৰেই অংশগ্ৰহণ কৰিবলগীয়া হৈছে। গতিকে এনে সময়ত জিঅ’ৰ এই 'JioMeet' মুকলি কৰাৰ কাৰ্যক এক সময়োপযোগী পদক্ষেপ আখ্যা দিছে বহুতে।

    গুগ’ল ক্ৰ’ম বা ম’জিলা ফায়াৰফক্সৰ পৰাও ব্যৱহৰ কৰিব পৰা যাব ‘JioMeet’। এণ্ড্ৰইড, iOS সকলোতে ফ্ৰী হ’ব এপটো।
    First published: