OPPO F11 Proৰ মাৰ্ভেল এভেঞ্জাৰ্ছ ফোন প্ৰতিটো দিশৰ পৰাই চমকলগা

OPPO আৰু মাৰ্ভেল ষ্টুডিঅ’জে OPPO F11 Pro মাৰ্ভেল এভেঞ্জাৰ্ছ লিমিটেড এডিশ্যন ফোন মুকলি কৰিছে।

news18
Updated:May 3, 2019, 8:08 PM IST
OPPO F11 Proৰ মাৰ্ভেল এভেঞ্জাৰ্ছ ফোন প্ৰতিটো দিশৰ পৰাই চমকলগা
OPPO আৰু মাৰ্ভেল ষ্টুডিঅ’জে OPPO F11 Pro মাৰ্ভেল এভেঞ্জাৰ্ছ লিমিটেড এডিশ্যন ফোন মুকলি কৰিছে।
news18
Updated: May 3, 2019, 8:08 PM IST
অপ্প’ এফ ১১ প্ৰ’চ এভেঞ্জাৰ্ছ লিমিটেড সংস্কৰণৰ ফোন প্ৰতিটো দিশৰ পৰাই চমকলগা হলিউডৰ শেহতীয়া ব্লকবাষ্টাৰ আৰু বিপুল সমাদৃত এভেঞ্জাৰ্ছ এণ্ড গেম চিনেমাখনে এইপৰ্যন্ত সাংঘাতিক সফলতা লাভ কৰিছে এই চিনেমাখনৰ প্ৰতি থকা আদৰৰ বাবেই অপ্প’ আৰু মাৰ্ভেল ষ্টুডিঅ’জে একলগ হৈ মুকলি কৰিছে অপ্প’ এফ ১১ প্ৰ’চ এভেঞ্জাৰ্ছ লিমিটেড সংস্কৰণৰ ফোন। আমাজনত ১মে’ৰ পৰা উপলব্ধ এই ফোনটোৱে সকলো অভিলেখ ভংগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে, দুটা ডাঙৰ ব্ৰেণ্ডৰ মাজৰ বৃহৎ সংযোজন এই লিমিটেড সংস্কৰণৰ ফোনটোৱে দুই পক্ষৰ অনুৰাগীক আকৰ্ষণ কৰিব ২৭,৯৯০টকা মূল্যত আগবঢ়োৱা ফোনটো নিশ্চিতভাৱে এক আকৰ্ষণীয় ক্ৰয়।

আকৰ্ষণীয় ডিজাইন
লিমিটেড সংস্কৰণৰ এই ফোনটোৰ অনুপ্ৰেৰণা নীলা ৰঙৰ কেপ্তেইন আমেৰিকাৰ ৱাৰ ছুট। ব্লেক পেনেলৰ এক বিশেষ শৈলী আছে আৰু আংশিক এভেঞ্জাৰ্ছ লগ’। কেমেৰা মড্যুলৰ ওপৰৰ সৰু এভেঞ্জাৰ্ছলগ’টো যথেষ্ট চকুতলগা। ফোনটোৰ কেচত কেপ্তেইন আমেৰিকাৰ ঢালৰ চিহ্ন সম্বলিত থীম চেণ্টাৰ ৰিং আছে।বৈশিষ্ট্যপূৰ্ণ কালেক্টৰ্ছ বেজটো সম্ভৱত সকলো মাৰ্ভেল অনুৰাগীয়ে ল’ব বিচাৰে। ৬.৫ ইঞ্চিৰডিচপ্লে সহ আকৰ্ষণীয় বডিৰ ফোনটো হাতত ল’বলৈও ভাল লাগে।ৰিটেইল পেকেজিং যথেষ্ট সুন্দৰকৈ কৰা হৈছে আৰু বিশেষ নীলা ৰঙৰ কেচৰ সৈতেকেপ্তেইন আমেৰিকাৰ ঢালখন দি ফোনটো সুৰক্ষিত ৰখা হৈছে। এই ক্ৰয়ৰ সৈতে এভেঞ্জাৰ্ছ গ্ৰুপৰ বেজ এখন সংগ্ৰহ চাৰ্টিফিকেটৰ সৈতে প্ৰদান কৰাহৈছে। আকৰ্ষণীয় ডিজাইন আৰু সুন্দৰ শৈলী সম্বলিত অপ্প’ এফ ১১ প্ৰ’চ এভেঞ্জাৰ্ছ লিমিটেডসংস্কৰণৰ ফোন প্ৰতিজন মাৰ্ভেল অনুৰাগীয়ে ল’ব বিচাৰিব।দীঘলীয়া সময় চলা 4000mahৰ বেটাৰী

যদি আপুনি ছচিয়েল মিডিয়া অনুৰাগী তেনেহ’ল এই বেটাৰীটোৰ সৈতে এই ফোনটো আপোনাৰে! V00C 3.0 চিনেমাখনৰ ছুপাৰহিৰ’ৰ দৰেই শক্তিশালী। নেটফ্লিক্সত বহু সময় অতিবাহিত কৰাৰ বাবেআপোনাৰ ফোনৰ বেটাৰী সোনকালে শেষ হয়।এই ফোনটোৰ বেটাৰীৰ সৈতে আপুনি গোটেই দিন–ৰাতি নেটফ্লিক্স কোনো চিন্তা নোহোৱাকৈ চাব পাৰিব।ভাল চেলফিৰ কাৰণে মটৰাইজড ৰাইজিং কেমেৰা
সাধাৰণতে ফোন এটা কিনিবলৈ যাওঁতে কেমেৰাটোৱে প্ৰধান বিষয় হৈ পৰে, এই ফোনটোৰমটৰাইজড কেমেৰাৰ সহায়ত অতি সুন্দৰ আৰু উন্নত মানৰ ফটো তুলিব পাৰিব। ১৬মেগাপিক্সেল কেমেৰাৰ সহায়ত অতি শ্বাৰ্প কোৱালিটীৰ ফটো তুলিব পৰা যায়।স্ক্ৰীণ ফ্লাছ হৈছে কম পোহৰত ফটো তুলিব পৰাকৈ অতি শক্তিশালী। আল্ট্ৰা নাইট মোডৰ সহায়ত নিশাও আপুনি ভাল ফটো তুলিব পাৰিব। ৰিয়েৰকেমেৰা হৈছে ৪৮মেগা পিক্সেলৰ আৰু ফোনটোৰ অতি বিশেষ বৈশিষ্ট্য।বিউটি ফিচাৰৰ সহায়ত আপোনাৰ মুখৰ সৌন্দৰ্য বৃদ্ধি কৰি ফটো তুলিব পাৰিব।গেমিং অধিক আকৰ্ষণীয় হ’ব
ফোনটোত থকা মিডিয়াটেক হেলিঅ’ পি চেভেন্টি প্লেটফৰ্ম ইয়াৰ অন্যতম গৌৰৱৰ কাৰণ। ৬জিবি ৰেম আৰু এক্সপান্ডেবল ১২৮জিবিয়ে সোণত সুৱগা চৰাইছে। থাৰ্ম’ মেনেজমেণ্টে দীঘলীয়া সময়খেলিলেও আপোনাৰ চুপাৰহিৰ’ ফোনটো শীতল কৰি ৰাখে।ৰিয়েৰ পেনেল চুবলৈ সদায় ভাললগা আৰু উন্নত প্ৰদৰ্শনৰ গ্যাৰাণ্টী লাজৱাব। এটা ব্লকড নটিফিকেচন ফিচাৰৰ ওপৰতো কাম কৰি থকা হৈছেআৰু ইয়াৰ জৰিয়তে আপুনি কোনো ব্যাঘাত নজন্মাকৈ খেলিব পাৰিব।চুপাৰলেটিভ চফটৱেৰৰ সমৰ্থন
অপ্প’ এফ ১১ প্ৰ’চ এভেঞ্জাৰ্ছ লিমিটেড সংস্কৰণৰ ফোনত কালাৰ অএছ৬ ছফটৱেৰ আছে এয়া এণ্ড্ৰইডৰ শেহতীয়া সংস্কৰণ।এণ্ড্ৰইড ৯.০ পাইয়ে এনেকুৱা ইউআই গঠন কৰিছে যি স্বচ্ছ আৰু সাধাৰণ।নটিফিকেচন শ্বেডত এটা টগল চুইচ আছে যিটোৱে যিকোনো দুৰ্ঘটনাবশতঃ ক্লিকৰ প্ৰভাৱ নোহোৱা কৰে। স্ক্ৰীণখন উজ্জল কৰাৰ বাবে এখন স্লাইডাৰ আছে ফোনৰ স্ক্ৰীণৰ তলত। ইয়াৰ দ্বাৰা চিংগল হেণ্ডব্যৱহাৰো সহজ হৈ পৰিছে। ৰাইডিং মোডে বাইক চলাওতে ফোন ব্যৱহাৰত সুবিধা প্ৰদান কৰিছে।হাইপাৰবুষ্ট পাৰ্ফৰমেন্স এক্সিলেটৰে ফোনৰ প্ৰদৰ্শনক শ্ৰেষ্ঠতৰ কৰি তুলিছে।ফোনটোৰ অপ্টিমাইজড প্ৰদৰ্শন হৈছে গৱেষণা আৰু উন্নয়ন বিভাগৰ বছৰজোৰা সাধনা।অপ্প’ এফ ১১ প্ৰ’চ এভেঞ্জাৰ্ছ লিমিটেড সংস্কৰণৰ ফোন হৈছে যিকোনো এভেঞ্জাৰ্ছ অনুৰাগীৰ হাতত থাকিব লগীয়া এটা ফোন।এই চুপাৰহিৰ’ ফোনটোৰ জনপ্ৰিয়তাৰ উমান ইয়াৰ পৰাই লগাব পাৰি যে আমাজনত যোৱা ১ মে’ত বিক্ৰী আৰম্ভ হোৱাৰ লগে লগে এক ঘণ্টাৰ ভিতৰত আটাইকেইটা ফোন বিক্ৰী হৈ গ’ল। ইমান সোনকালে বিক্ৰী হৈ পৰাটো এভেঞ্জাৰ্ছ ছবিখন আৰু এই স্মাৰ্টফোনৰ জনপ্ৰিয়তাৰে উজ্বল নিদৰ্শন। গ্ৰাহকৰ মাজত এই হেতা–ওপৰা লগালৈ চাই অনুমান কৰিব পাৰি যে লিমিটেড এডিশ্যন ফোনটো দুয়োটা ব্ৰেণ্ডৰ অনুৰাগীৰ মাজত সমানে জনপ্ৰিয় হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি