৪ জুনত OnePlus 7ৰ প্ৰথম বিক্ৰী, ২ হাজাৰ টকাৰ ৰেহাই

OnePlus 7ৰ প্ৰথম বিক্ৰী ৪ জুনত আৰম্ভ হ’ব। এমেজন, OnePlus ষ্ট’ৰ আৰু ৰিটেইল ষ্ট’ৰত উপলব্ধ হ’ব এই স্মাৰ্ট ফোনটো।

news18assam
Updated:June 2, 2019, 6:03 PM IST
৪ জুনত OnePlus 7ৰ প্ৰথম বিক্ৰী, ২ হাজাৰ টকাৰ ৰেহাই
OnePlus 7ৰ প্ৰথম বিক্ৰী ৪ জুনত আৰম্ভ হ’ব। এমেজন, OnePlus ষ্ট’ৰ আৰু ৰিটেইল ষ্ট’ৰত উপলব্ধ হ’ব এই স্মাৰ্ট ফোনটো।
news18assam
Updated: June 2, 2019, 6:03 PM IST
OnePlus–এ শেহতীয়াকৈ দুটা স্মাৰ্টফোন OnePlus 7 আৰু OnePlus 7 Pro মুকলি কৰিছে। ইয়াৰ ভিতৰত OnePlus 7ৰ প্ৰথম বিক্ৰী ৪ জুনত আৰম্ভ হ’ব। এমেজন, OnePlus ষ্ট’ৰ আৰু ৰিটেইল ষ্ট’ৰত উপলব্ধ হ’ব এই স্মাৰ্ট ফোনটো। যদি এই ফোনটো ক্ৰয় কৰিবলৈ গ্ৰাহকে SBI কাৰ্ড ব্যৱহাৰ কৰে তেন্তে ২ হাজাৰ টকাৰ ৰেহাই দিয়া হ’ব।

OnePlus 7 স্মাৰ্ট ফোনত ৬.৪১ ইঞ্চিৰ অপ্টিক AMOLED ডিছপ্লে’ থাকিব যাৰ ৰিজলিউচন 1340X1080 পিকচেল। Qualcomm Snapdragon 855 চিপছেট প্ৰছেছৰযুক্ত ফোনটোত আছে এড্ৰিন’ জিপিইউ 640। 6GB আৰু 8GB RAMৰ সৈতে উপলব্ধ হ’ব এই ফোনটো।



এই স্মাৰ্ট ফোনটোত দুটা ৰিয়েৰ কেমেৰা দিয়া হৈছে। ইয়াৰ প্ৰাইমাৰী ৰিয়েৰ কেমেৰা ৪৮ মেগা পিকচেল আৰু ছেকেণ্ডেৰী ৰিয়েৰ কেমেৰা ৫ মেগা পিকচেলৰ। লগতে আছে DUAL LED ফ্লাচ। ফোনটোত আছে ১৬ মেগা পিকচেলৰ ফ্ৰণ্ট কেমেৰা। ভাৰতত এই ফোনটোৰ আৰম্ভণি মূল্য হ’ব ৪৮,৯৯৯ টকা, যিটোত 6GB RAM আৰু 128GB ইণ্টাৰনেল ষ্ট’ৰেজ থাকিব। 8GB ৰেম আৰু 256 GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ ফোনটোৰ দাম হ’ব ৫২,৯৯৯ টকা আৰু 12GB ৰেম, 256GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ ফোনটোৰ দাম হ’ব ৫৭,৯৯৯ টকা।
আৰু চাওক পৰৱৰ্তী বাতৰি