ভাৰতত ৫–জি সেৱা (5G services) আৰম্ভ কৰাৰ বাবে জিঅ' প্লেটফৰ্মে নেদাৰলেণ্ডস্থিত ডাচ্চ কোম্পানী এনএক্সপি ছেমিকন্ডাক্টৰছ ( NXP Semiconductors)ৰ সৈতে সহযোগিতা স্থাপন কৰিছে। এই সহযোগিতাৰ ফলত ৫–জি এন আৰ(NR) অ'–আৰএএন(O- Radio Access Networks ) ৰূপায়ণ কৰিবলৈ এন এক্স পি কোম্পানীৰ মাল্টিকোৰ প্ৰচেছৰ লেয়াৰস্কেপ পৰিয়ালৰ সুবিধা ল'ব জিঅ' প্লেটফৰ্মে।
লেয়াৰস্কেপ মাল্টিকোৰ প্ৰচেছৰৰ সুবিধা গ্ৰহণৰ ফলত নতুন Radio Access Networks–এ এক গতি লাভ কৰিব, যি উচ্চ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে ব্ৰডবেণ্ড প্ৰৱেশাধিকাৰ আৰু উদ্যোগ 4.0 আৰু ইণ্টাৰনেট অফ থিংছ এপ্লিকেচনৰ বাবে ৫–জি ব্যৱহাৰৰ বিভিন্ন পৰিসৰ সমৰ্থৱান হ'ব, ইয়াৰ ভিতৰত আছে টেলি-মেডিচিন, টেলি-শিক্ষা, বৰ্ধিত আৰু ভাৰ্চুৱেল ৰিয়েলিটি আৰু ড্ৰোন-আধাৰিত কৃষি নিৰীক্ষণ।
এই প্ৰসংগত জিঅ' প্লেটফৰ্মৰ জ্যেষ্ঠ উপ-সভাপতি আয়ুস ভাটনাগৰে কয়– "এনএক্সপি প্ৰচেছৰ প্লেটফৰ্ম হৈছে জিঅ'ৰ ৫জি যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ উপাদান। ৫–জি নিউ ৰেডিঅ'ই প্ৰযুক্তিগত সকলো দিশ চম্ভালিবলৈ সক্ষম। এনএক্সপিৰ সৈতে আমাৰ ঘনিষ্ঠ সহযোগিতাৰ ইতিহাস আছে, আৰু আমি ইয়াক আৰু অধিক শক্তিশালী কৰাৰ বাবে আশাবাদী।"
আনহাতে, এন এক্স পিৰ নেটৱর্ক প্ৰান্তৰ প্ৰবন্ধক তাৰিক বাস্তামীয়ে কয়– "জিঅ' আৰু এনএক্সপি দুয়োটাই কাৰিকৰী আৰু উদ্ভাৱন নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, আৰু এই সংযুক্ত প্ৰণালীৰ একত্ৰীকৰণে ভাৰতৰ বজাৰত উন্নতমানৰ ৫–জি প্ৰদান কৰিবলৈ সক্ষম হ'ব।"
উল্লেখ্য, জিঅ' প্লেটফৰ্ম লিমিটেডে ( (JPL) 4জি আৰু 5জি সমাধান প্ৰদান কৰে আৰু বৰ্তমান বিশ্বৰ তৃতীয় সৰ্ববৃহৎ মোবাইল নেটৱৰ্ক অপাৰেটৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|