বিমানযাত্ৰীসকলে বিমানত কৰিব পাৰিব ফোন আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ

এতিয়া উপগ্ৰহৰ মাধ্যমত সমুদ্ৰ যাত্ৰা, ঘৰুৱা আৰু আন্তৰ্জাতিক বিমানত যাত্ৰা কৰা লোকসকলে ফোন কল আৰু ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিব।

news18assam
Updated:April 18, 2019, 4:08 PM IST
বিমানযাত্ৰীসকলে বিমানত কৰিব পাৰিব ফোন আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), quality = 82
news18assam
Updated: April 18, 2019, 4:08 PM IST
 

দেশৰ আগশাৰীৰ টেলিকম কোম্পানী ভাৰতী এয়াৰটেলে শেহতীয়াকৈ সহযোগী কোম্পানী ইণ্ডো টেলিপ’ৰ্টছৰ সৈতে মিলি ঘৰুৱা আৰু আন্তৰ্জাতিক বিমানৰ উৰণৰ সময়ত কলিং আৰু ইণ্টাৰনেট সেৱা উপলব্ধ কৰোৱাৰ বাবে আবেদন কৰিছিল। যাৰ ফলত দুৰসংযোগ বিভাগে ১০ বছৰৰ বাবে অনুমোদন জনাইছে। এতিয়া উপগ্ৰহৰ মাধ্যমত সমুদ্ৰ যাত্ৰা, ঘৰুৱা আৰু আন্তৰ্জাতিক বিমানত যাত্ৰা কৰা লোকসকলে ফোন কল আৰু ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিব।

‘নৱভাৰত টাইমছ’ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, দুৰসংযোগ বিভাগে ৩ এপ্ৰিলত এক নিৰ্দেশনা জাৰি কৰি কয় যে ইণ্ডোটেলিপ’ৰ্টছ লিমিটেডক আই এফ এম চি সেৱাৰ অনুমতি দিয়া হৈছে।

উল্লেখযোগ্য যে ইণ্ডো টেলিপ’ৰ্টছক ২০০৮ চনত ভাৰতী টেলিপ’ৰ্টছ লিমিটেডৰ নামেৰে নতুন ৰূপ দিয়া হৈছিল। যাৰ কাম টিভি ব্ৰডকাষ্টাৰৰ বাবে কেন্দ্ৰ প্ৰস্তুত কৰা আৰু আপডেট কৰা। তাৰ পিছত নিজৰ চেনেলৰ সম্প্ৰচাৰৰ বাবে উপগ্ৰহলৈ সংকেত পঠিওৱাৰ কাম কৰে।

‘নৱভাৰত টাইম্ছ’ৰ মতে, এয়াৰটেলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে বিমানৰ উৰণৰ সময়ত ফোন কল আৰু ইণ্টাৰনেটৰ সুবিধা উপলব্ধ কৰোৱাটো কোম্পানীৰ বাবে উপাৰ্জনৰ এক নতুন জোৱাৰ।

বিমানত ফোন কল আৰু ইণ্টাৰনেট সেৱাৰ বাবে ব্যৱহৃত হৈছে এই প্ৰযুক্তি : বিমানৰ উৰণৰ সময়ত যাত্ৰীসকলক ফোন কল আৰু ইণ্টাৰনেট সেৱা উপলব্ধ কৰোৱাৰ বাবে ম’৸বাইল কমিউনিকেচন ছাৰ্ভিচ অন ব’ৰ্ড এয়াৰক্ৰাফ্ট নামৰ বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে বিশ্বৰ ৩০ শীৰ্ষৰ এয়াৰলাইনছে এই প্ৰযুক্তি ব্যৱহাৰ কৰি আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি