নতুন ফোন কিনিব নেকি? ১৭ হাজাৰৰ Nokiaৰ স্মাৰ্ট ফোন এতিয়া ৬,৯৯৯ টকাত

কোম্পানীটোৱে এই ফোনটো বিগত বৰ্ষৰ এপ্ৰিলত মুকলি কৰিছিল আৰু সেই সময়ত ইয়াৰ দাম আছিল ১৬,৯৯৯ টকা।

news18assam
Updated:July 7, 2019, 11:59 AM IST
নতুন ফোন কিনিব নেকি? ১৭ হাজাৰৰ Nokiaৰ স্মাৰ্ট ফোন এতিয়া ৬,৯৯৯ টকাত
কোম্পানীটোৱে এই ফোনটো বিগত বৰ্ষৰ এপ্ৰিলত মুকলি কৰিছিল আৰু সেই সময়ত ইয়াৰ দাম আছিল ১৬,৯৯৯ টকা।
news18assam
Updated: July 7, 2019, 11:59 AM IST
যদি আপুনি নতুন ফোন কিনিম বুলি ভাবিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। Nokiaই নিজৰ জনপ্ৰিয় স্মাৰ্টফোন Nokia 6.1ৰ দাম হ্ৰাস কৰিছে। কোম্পানীটোৱে এই ফোনটো বিগত বৰ্ষৰ এপ্ৰিলত মুকলি কৰিছিল আৰু সেই সময়ত ইয়াৰ দাম আছিল ১৬,৯৯৯ টকা। কিন্তু এতিয়া এই ফোনটো আপুনি কিনিব পাৰিব কেৱল ৬,৯৯৯ টকাত।

গ্ৰাহকে নতুন দাম এই ফোনটো অনলাইন ষ্ট’ৰত কিনিব পাৰিব। এই এনড্ৰইড স্মাৰ্ট ফোনটো 3GB+32GB আৰু 4GB+64GB দুটা ভেৰিয়েণ্টত উপলব্ধ। ফোনটোত আছে ফুল এইচ ডি ডিছপ্লে’। আছে কোৱালকম স্নপড্ৰেগন 630 SoC প্ৰছেছৰ।



নকিয়া অনলাইন ষ্ট’ৰত এই ফোনটোৰ 3GB+32GB ভেৰিয়েণ্টৰ দাম এতিয়া ৬,৯৯৯ টকা। আনহাতে, 4GB+64GB ভেৰিয়েণ্টৰ ফোনটোৰ দাম হ’ব ৯,৯৯৯ টকা। Nokia 6.1 স্মাৰ্টফোনটোত আছে ফুল এইচ ডি ডিছপ্লে’। ইয়াৰ ৰিজলুচন 1920X1080 পিকচেল।

ফোনটোত দিয়া হৈছে PDAFৰ সৈতে ১৬ মেগাপিকচেল কেমেৰা। আনহাতে, ৮ মেগাপিকচেলৰ ফ্ৰণ্ট–ফেন্সিং কেমেৰা দিয়া হৈছে ফোনটোত। পিছফালে ফিংগাৰপ্ৰিণ্ট স্কেনাৰৰ লগতে আছে 3000 mAh বেটাৰী।
আৰু চাওক পৰৱৰ্তী বাতৰি