• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ম'বাইল ব্যৱহাৰকাৰীৰ বাবে এটা বিশেষ খবৰ, আৰু ৬ দিনৰ পিছতে সলনি হ'ব এই ৫টা নিয়ম

ম'বাইল ব্যৱহাৰকাৰীৰ বাবে এটা বিশেষ খবৰ, আৰু ৬ দিনৰ পিছতে সলনি হ'ব এই ৫টা নিয়ম

গুগলৰ নতুন নীতি ১ ছেপ্টেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব।

গুগলৰ নতুন নীতি ১ ছেপ্টেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব।

গুগলৰ নতুন নীতি ১ ছেপ্টেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব।

  • Share this:

মোবাইল ব্যৱহাৰকাৰীসকলৰ (Mobile Users) বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ কেইটামান দিনৰ পিছতে অৰ্থাৎ ১ ছেপ্টেম্বৰ ২০২১ৰ পৰা সলনি হ'ব ৫টা নিয়ম। এই সলনিয়ে আপোনাৰ পকেটত পোনপটীয়া প্ৰভাৱ পেলাব। নতুন নিয়ম (New Rules) অনুসৰি, যদি আপুনি আপোনাৰ ম'বাইলত ডিজনী প্লাছ হটষ্টাৰ (Disney+ Hotstar) ব্যৱহাৰ কৰে, আপুনি ব্যয়বহুলভাৱে ৰিচাৰ্জ কৰিব লাগিব। একে সময়তে, আমাজন (Amazon), গুগল (Google), গুগল ড্ৰাইভ (Google Drive)ৰ দৰে সেৱাৰ নিয়মো সলনি কৰা হৈছে। এই পৰিৱৰ্তনবোৰ ১ আৰু ১৫ ছেপ্টেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব। নিয়ম সলনি হোৱাৰ পিছত মোবাইল ব্যৱহাৰকাৰীসকলে বহুতো সেৱাৰ বাবে অতিৰিক্ত খৰচ কৰিব লাগিব।


ভুৱা সমল প্ৰচাৰ কৰা এপ হ'ব নিষিদ্ধ
গুগলৰ নতুন নীতি ১ ছেপ্টেম্বৰ, ২০২১ৰ পৰা কাৰ্যকৰী হ'ব। ইয়াৰ অধীনত, ভুৱা সমল প্ৰচাৰ কৰা এপবোৰ ১ ছেপ্টেম্বৰৰ পৰা নিষিদ্ধ কৰা হ'ব। গুগলে ইয়াৰ ব্লগ পোষ্টত প্ৰতিবেদন দিছে যে দীৰ্ঘদিন ধৰি এপ ডেভেলপাৰসকলে ব্যৱহাৰ নকৰা এপবোৰ ব্লক কৰা হ'ব। দৰাচলতে, গুগল প্লে ষ্টোৰ (Google Play Store)ৰ নিয়মবোৰ আগৰ তুলনাত অধিক কঠোৰ কৰা হৈছে। গুগল ড্ৰাইভ ব্যৱহাৰকাৰীসকলে ১৩ ছেপ্টেম্বৰত এটা নতুন সুৰক্ষা আপডেট লাভ কৰিব। ই ইয়াক আগৰ তুলনাত অধিক সুৰক্ষিত কৰি তুলিব।


ডিজনী প্লাছ হটষ্টাৰ ছাবস্ক্ৰিপশ্বন ব্যয়বহুল হ'ব
ভাৰতত অ'টিটি প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰৰ সদস্যতা ১ ছেপ্টেম্বৰ, ২০২১-ৰ পৰা ব্যয়বহুল হ'ব। ব্যৱহাৰকাৰীসকলে বেছ প্লেনৰ বাবে ৩৯৯ টকাৰ পৰিৱৰ্তে ৪৯৯ টকা পৰিশোধ কৰিব লাগিব। অৰ্থাৎ, ব্যৱহাৰকাৰীসকলে ১০০ টকা অধিক পৰিশোধ কৰিব লাগিব। ইয়াৰ উপৰি ব্যৱহাৰকাৰীসকলে ৮৯৯ টকাত দুটা ফোনত এপটো চলাবলৈ সক্ষম হ'ব। লগতে এই ছাবস্ক্ৰিপশ্বন আঁচনিয়ে এইচ ডি মানো প্ৰদান কৰে। আপুনি এই এপটো ৪টা স্ক্ৰীনত ১৪৯৯ টকাত চলাবলৈ সক্ষম হ'ব।


আমাজন লজিষ্টিক ব্যয় বৃদ্ধি কৰিব লাগিব
ডিজেল আৰু পেট্ৰ'লৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে আমাজনে লজিষ্টিক ব্যয় বৃদ্ধি কৰিব পাৰে। ই ১ ছেপ্টেম্বৰৰ পৰা আমাজনৰ পৰা সামগ্ৰী অৰ্ডাৰ কৰাটো ব্যয়বহুল কৰি তুলিব। এইক্ষেত্ৰত ৫০০ গ্ৰামৰ পেকেজ এটাৰ বাবদ ৫৮ টকা হ'ব পাৰে। আনহাতে, আঞ্চলিক ব্যয় হ'ব ৩৬.৫০ টকা।


প্ৰৱঞ্চনা কৰা পাৰ্ছনেল লোন এপৰ ওপৰত নিষেধাজ্ঞা
গুগল প্লে ষ্টোৰৰ বাবে নতুন নিয়ম ১৫ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। ইয়াৰ অধীনত ঋণ দিয়াৰ নামত প্ৰৱঞ্চনা কৰা পাৰ্ছনেল লোন এপবোৰ ভাৰতত নিষিদ্ধ কৰা হ'ব। এনে প্ৰায় ১০০টা এপৰ বিষয়ে অভিযোগ আছিল, যাৰ পিছত গুগলে এনে এপৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে।

Published by:Gautam Barman
First published: