WhatsAppত দীঘলীয়া মেছেজ পঠিয়াব বিচাৰিছে নেকি? টাইপ কৰাৰ কোনো প্ৰয়োজন নাই

আটাইতকৈ জনপ্ৰিয় এই চাটিং এপটোৱে লৈ আহিছে নতুন ফিচাৰ।

news18assam
Updated:June 11, 2019, 10:02 AM IST
WhatsAppত দীঘলীয়া মেছেজ পঠিয়াব বিচাৰিছে নেকি? টাইপ কৰাৰ কোনো প্ৰয়োজন নাই
আটাইতকৈ জনপ্ৰিয় এই চাটিং এপটোৱে লৈ আহিছে নতুন ফিচাৰ।
news18assam
Updated: June 11, 2019, 10:02 AM IST
এতিয়া টাইপ নকৰাকৈয়ে WhatsAppত মেছেজ প্ৰেৰণ কৰিব পাৰিব আপুনি। আটাইতকৈ জনপ্ৰিয় এই চাটিং এপটোৱে লৈ আহিছে নতুন ফিচাৰ। WhatsAppৰ মাইক ফিচাৰৰ জৰিয়তে আপুনি টাইপ নকৰাকৈ প্ৰেৰণ কৰিব পাৰিব মেছেজ। অৰ্থাৎ আপুনি মুখেৰে ক’লেই টাইপ হৈ যাব আপোনাৰ মেছেজ। অনড্ৰইড আৰু iOS ব্যৱহাৰকাৰীয়ে লাভ কৰিব এই সুবিধা।

ডিক্টেচন এই ফিচাৰ আগৰে পৰাই গুগল এছিষ্টেণ্টত আছিল। এতিয়া WhatsAppত এই ফিচাৰ ইন–বিল্ট লাভ কৰিব ব্যৱহাৰকাৰীসকলে। নতুন মাইক ফিচাৰ আপোনাৰ WhatsAppৰ ফিচাৰৰ ভিতৰত কী–ব’ৰ্ডত পাব। এই ফিচাৰ ব্যৱহাৰৰ বাবে প্ৰথমে WhatsApp খুলি যালৈ মেছেজ প্ৰেৰণ কৰিব বিচাৰে তেওঁক ছিলেক্ট কৰক। তাৰ পিছত কী–ব’ৰ্ড অপেন কৰক। অনড্ৰইড ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত কী–ব’ৰ্ডৰ ওপৰফালে সোঁফালে দেখা যাব এই মাইক অপচন। iOS ব্যৱহাৰকাৰীসকলৰ ক্ষেত্ৰত এই ফিচাৰ থাকিব তলৰফালে।



মাইক অপচন ছিলেক্ট কৰাৰ পিছত মেছেজ ডিটেক্ট কৰক। তাৰ পিছতে আপুনি বিচৰাজনলৈ প্ৰেৰণ কৰক মেছেজ। কমা বা ফুলষ্টপ দিবলৈ comma, question mark আৰু full stop আদি কমাণ্ড দিব লাগিব। টাইপ হোৱাৰ পিছত মেনুৱেলি SEND বুটাম ক্লিক কৰি মেছেজ প্ৰেৰণ কৰিব লাগিব। দীঘল মেছেজ প্ৰেৰণ কৰিবলৈ এই ফিচাৰ যথেষ্ট সুবিধাজনক হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি