Silver Lakeক স্বাগতম : ভাৰতীয় ডিজিটেল ব্যৱস্থা লাভৱান হ’ব এই চুক্তিৰ জৰিয়তে, ক’লে মুকেশ আম্বানীয়ে

News18 Assam | News18-Assam
Updated:May 4, 2020, 3:46 PM IST
Silver Lakeক স্বাগতম : ভাৰতীয় ডিজিটেল ব্যৱস্থা লাভৱান হ’ব এই চুক্তিৰ জৰিয়তে, ক’লে মুকেশ আম্বানীয়ে
ফেচবুকৰ পিছত এইবাৰ জিঅ’ত ৫,৬৫৫.৭৫ কোটি টকা বিনিয়োগ কৰাৰ ঘোষণা মাৰ্কিন বেচৰকাৰী ইকুইটী ফাৰ্ম ছিলভাৰ লেক পাৰ্টনাৰ্ছৰ।

ফেচবুকৰ পিছত এইবাৰ জিঅ’ত ৫,৬৫৫.৭৫ কোটি টকা বিনিয়োগ কৰাৰ ঘোষণা মাৰ্কিন বেচৰকাৰী ইকুইটী ফাৰ্ম ছিলভাৰ লেক পাৰ্টনাৰ্ছৰ।

  • Share this:
জিঅ’ৰ বাবে ডাবল ধামাকা। ফেচবুকৰ সৈতে বৃহৎ চুক্তিৰ পিছত আন এক মাৰ্কিন বেচৰকাৰী ইকুইটী ফাৰ্মৰ সৈতে মেগা চুক্তি ৰিলায়েঞ্চ জিঅ’ৰ। ৪৩,৫৭৪ কোটি টকাত ৰিলায়েঞ্চ জিঅ’ৰ ৯.৯ শতাংশ শ্বেয়াৰ পূৰ্বেই ক্ৰয় কৰিছে ফেচবুকে। এইবাৰ জিঅ’ত ৫,৬৫৫.৭৫ কোটি টকা বিনিয়োগ কৰাৰ ঘোষণা মাৰ্কিন বেচৰকাৰী ইকুইটী ফাৰ্ম ছিলভাৰ লেক পাৰ্টনাৰ্ছৰ।

ফেচবুকৰ পিছত খুব কম সময়ৰ ভিতৰতে আন এক বৃহৎ সংস্থাৰ বিনিয়োগৰ ঘোষণাত স্বাভাৱিকতে আনন্দিত ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানী? টুইটাৰযোগে জিঅ’ত ছিলভাৰ লেক পাৰ্টনাৰ্ছৰ বিনিয়োগক স্বাগতম জনাইছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ অধ্যক্ষগৰাকীয়ে। আম্বানীয়ে কয়, ডিজিটেল ভাৰত গঢ়াৰ লক্ষ্যত এই বিনিয়োগ অত্যন্ত গুৰুত্বপূৰ্ণ। বিশ্বজুৰি তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত ছিলভাৰ লেকৰ সুনাম আছে। এই অভিজ্ঞতাক কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰি ডিজিটেল ভাৰত গঢ়াৰ পদক্ষেপে অধিক গতি লাভ কৰিব।
First published: May 4, 2020, 3:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি