কাইলৈ ভাৰতত মুকলি হ’ব Motorolaৰ তিনিটা কেমেৰাযুক্ত নতুন স্মাৰ্টফোন, কিমান হ’ব দাম?

এই স্মাৰ্ট ফোনটোৰ আকৰ্ষণীয় ফিচাৰ হ’ল ইয়াৰ কেমেৰা। ১১৭ ডিগ্ৰীৰ আলট্ৰা ৱাইড এংগল লেঞ্চৰ সৈতে বজাৰলৈ আহিব এই স্মাৰ্ট ফোনটো।

News18-Assam
Updated:August 22, 2019, 9:23 AM IST
কাইলৈ ভাৰতত মুকলি হ’ব Motorolaৰ তিনিটা কেমেৰাযুক্ত নতুন স্মাৰ্টফোন, কিমান হ’ব দাম?
এই স্মাৰ্ট ফোনটোৰ আকৰ্ষণীয় ফিচাৰ হ’ল ইয়াৰ কেমেৰা। ১১৭ ডিগ্ৰীৰ আলট্ৰা ৱাইড এংগল লেঞ্চৰ সৈতে বজাৰলৈ আহিব এই স্মাৰ্ট ফোনটো।
News18-Assam
Updated: August 22, 2019, 9:23 AM IST
Motorolaই শুকুৰবাৰে মুকলি কৰিব Motorola One Action স্মাৰ্ট ফোনটো। এই ফোনটো ইতিমধ্যে ব্ৰাজিল, মেক্সিকো আৰু ইউৰোপত মুকলি কৰা হৈছে। ২৩ আগষ্টত ভাৰতৰ বজাৰত মুকলি কৰা হ’ব এই আকৰ্ষণীয় স্মাৰ্ট ফোনটো। ফ্লিপকাৰ্টত উপলব্ধ হ’ব এই স্মাৰ্ট ফোনটো।

এই স্মাৰ্ট ফোনটোৰ আকৰ্ষণীয় ফিচাৰ হ’ল ইয়াৰ কেমেৰা। ১১৭ ডিগ্ৰীৰ আলট্ৰা ৱাইড এংগল লেঞ্চৰ সৈতে বজাৰলৈ আহিব এই স্মাৰ্ট ফোনটো। ব্যৱহাৰকাৰীয়ে চিধাকৈ ধৰিলেও লেণ্ডস্কেপ ফৰ্মেটত ভিডিঅ’ শ্বুট কৰাৰ ক্ষমতা থাকিব ফোনটোৰ।

ফোনটোত থাকিব ৬.৩ ইঞ্চৰ ফুল এইচ ডি প্লাছ ডিছপ্লে। অক্টাকোৰ প্ৰছেছৰযুক্ত স্মাৰ্ট ফোনটোত থাকিব ৪ জি বি ৰেম আৰু ১২৮ জি বিৰ ইণ্টাৰনেল ষ্ট’ৰেজ। ফোনটোত বৃদ্ধি কৰিব পৰা যাব মাইক্ৰ’ এছ ডি কাৰ্ড।



ফোনটো পিছৰ অংশত থাকিব ত্ৰিপল কেমেৰা ছেটআপ। ৩৫০০mAhৰ শক্তিশালী বেটাৰীযুক্ত ফোনটোত থাকিব ডুৱেল ছিম, ব্লুটুথ ৫.০, ৪জি VoLTEৰ দৰে ফিচাৰ। ভাৰতৰ বজাৰত এই স্মাৰ্ট ফোনটোৰ দাম ২০,০০০ টকা হ’ব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি