• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • চাৰি বছৰ পূৰ্বে মৃত্যু হোৱা ৭ বছৰীয়া কন্যাৰ সৈতে মাতৃৰ মিলন! চাওক Video

চাৰি বছৰ পূৰ্বে মৃত্যু হোৱা ৭ বছৰীয়া কন্যাৰ সৈতে মাতৃৰ মিলন! চাওক Video

বিজ্ঞানৰ উন্নত প্ৰযুক্তিৰ সহায়ত এই টিভি শ্ব’টোত মাতৃ আৰু মৃত কন্যাৰ মিলন ঘটোৱা হয়। এই টিভি শ্ব’টোত মাতৃ আৰু মৃত কন্যাই পৰস্পৰে পৰস্পৰক স্পৰ্শ কৰে, কথা পাতে, খেলে।

বিজ্ঞানৰ উন্নত প্ৰযুক্তিৰ সহায়ত এই টিভি শ্ব’টোত মাতৃ আৰু মৃত কন্যাৰ মিলন ঘটোৱা হয়। এই টিভি শ্ব’টোত মাতৃ আৰু মৃত কন্যাই পৰস্পৰে পৰস্পৰক স্পৰ্শ কৰে, কথা পাতে, খেলে।

বিজ্ঞানৰ উন্নত প্ৰযুক্তিৰ সহায়ত এই টিভি শ্ব’টোত মাতৃ আৰু মৃত কন্যাৰ মিলন ঘটোৱা হয়। এই টিভি শ্ব’টোত মাতৃ আৰু মৃত কন্যাই পৰস্পৰে পৰস্পৰক স্পৰ্শ কৰে, কথা পাতে, খেলে।

  • Share this:
মৃত্যু চৰম সত্য। মৃত্যুৰ সিটো পাৰে কি আছে কোনেও নাজানে। কিন্তু যি এবাৰ মৃত্যুৰ দুৱাৰডলি গৰকি সিপুৰী পাইছে, সি আকৌ উভতি নাহে। এয়াও আন এক সত্য। কিন্তু যদিহে মৃত্যুৰ কেইবা বছৰৰ পিছত আপোনজনৰ সৈতে মৃতকৰ সাক্ষাৎ ঘটে, আনকি মৃতকক চুই মনৰ আৱেগ প্ৰকাশ কৰাৰো সুযোগ পাই, কেনে লাগিব? যিসকলে কেতিয়াবা কোনোবা আপোনজনক হেৰুৱাইছে, তেওঁলোকেহে বুজিব পাৰিব এই তাড়না কিমান প্ৰবল। এই অসম্ভৱ যেন লগা কাৰ্য বাস্তৱত সম্ভৱ হৈছে।

চাৰি বছৰ পূৰ্বে ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৭ বছৰীয়া কন্যাৰ সৈতে সাক্ষাতৰ সুযোগ লাভ কৰিছে এগৰাকী মাতৃয়ে। কোৰিয়াৰ ঘটনা। এগৰাকী মাতৃৰ সৈতে তেওঁৰ মৃত কন্যাৰ মিলন ঘটোৱা হ’ল। দৰাচলতে এয়া এক কোৰিয়ান টিভি শ্ব’ ‘মিটিং ইউ’ৰ ছেটত সংঘটিত হৈছে। বিজ্ঞানৰ উন্নত প্ৰযুক্তিৰ সহায়ত এই টিভি শ্ব’টোত মাতৃ আৰু মৃত কন্যাৰ মিলন ঘটোৱা হয়। এই টিভি শ্ব’টোত মাতৃ আৰু মৃত কন্যাই পৰস্পৰে পৰস্পৰক স্পৰ্শ কৰে, কথা পাতে, খেলে।



মৃত কন্যাই মাতৃৰ পৰা হেঁপাহ পলুৱাই মৰম বুটলি প্ৰতিশ্ৰুতি দিয়ে যে তেওঁক লগ কৰিবলৈ আকৌ আহিব। আবেগিক মাতৃক কন্যাই আশ্বাস দিয়ে যে এতিয়া তেওঁ শান্তিত আছে আৰু যি ৰোগত তেওঁৰ মৃত্যু হৈছিল সেই ৰোগৰ কোনো বেদনা অনুভৱ নকৰে। কোৰিয়ান মাতৃগৰাকীৰ নাম জং জি চুং আৰু কন্যাৰ নাম নেয়ান।



ভাৰ্ছুৱেল ৰিয়েলিটীৰ সহায়ত এই টিভি শ্ব’টোত মৃত ব্যক্তিৰ সৈতে আপোনজনক লগ কৰোৱা হয়। সেইমতেই মাতৃগৰাকীয়ে নিজৰ কন্যাক সাবটে, মৰম কৰে আৰু কথাও পাতে। ভাৰ্ছুৱেল ৰিয়েলিটীৰ সহায়ত মৃত কন্যাগৰাকীৰ শৰীৰ গঢ় দিয়া হৈছিল। লগতে ছোৱালীজনীৰ কণ্ঠ সন্নিৱিষ্ট কৰা হৈছিল। বাস্তৱত ছোৱালীজনী যেনেকুৱা আছিল একেবাৰে তেনেকুৱাকৈ ছোৱালীজনীক নিৰ্মাণ কৰা হৈছিল।

দৰাচলতে এয়া হৈছে 7D টেকন’লজী আৰু ইয়াত সকলো বস্তুৱে আচল যেন অনুভৱ হয়। টিভি শ্ব’টোত মাতৃক সোধা হৈছিল, আপুনি নিজৰ কন্যাক মনত পেলাইনে? মাতৃয়ে উত্তৰ দিয়ে – সদায় পেলাও। ইয়াৰ পিছতে মৃত কন্যাই মাত দিছিল – মা, মোৰো আপোনালৈ বহুত মনত পৰে। কন্যাক সাবটি ধৰি চকুপানী ৰখাব পৰা নাছিল জং জি চুঙে। টিভি শ্ব’ৰ এই আবেগিক দৃশ্যত দৰ্শকৰ মাজত বহি থকা মৃত নেয়ানৰ পিতৃ, ভাতৃ আৰু ভগ্নীৰ চকু চলচলীয়া হৈ পৰে।

মৃত কন্যাৰ সৈতে মাতৃৰ এই সাক্ষাতক লৈ বিভিন্ন সংবাদ মাধ্যমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বহুতে ইয়াক সমালোচনা কৰিছে আৰু ইউনিভাৰ্ছিটী অব ছাছেক্সৰ প্ৰফেচৰ ব্লে হুইদবিয়ে উদ্বিগ্নতা প্ৰকাশ কৰি কৈছে যে ইয়াৰ জৰিয়তে মাতৃগৰাকীৰ ওপৰত মনোবৈজ্ঞানিক কি প্ৰভাৱ পৰিব সেয়া লক্ষ্য কৰিব লাগিব।
Published by:Sanjay Kumar Das
First published: