শীঘ্ৰে সলনি হ’ব সকলো মোবাইল নম্বৰ, ১০টাৰ সলনি হ’ব ১১টা সংখ্যা!

ক্ৰমবৰ্ধমান আবাদীৰ সৈতে টেলিকম কানেকশ্যনৰ দাবীৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰা হৈছে।

News18-Assam
Updated:September 23, 2019, 11:50 AM IST
শীঘ্ৰে সলনি হ’ব সকলো মোবাইল নম্বৰ, ১০টাৰ সলনি হ’ব ১১টা সংখ্যা!
ক্ৰমবৰ্ধমান আবাদীৰ সৈতে টেলিকম কানেকশ্যনৰ দাবীৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰা হৈছে।
News18-Assam
Updated: September 23, 2019, 11:50 AM IST
টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়া (TRAI)এ দেশত মোবাইল ফোন নাম্বাৰিং স্কীম সালসলনিক লৈ চিন্তা–চৰ্চা আৰম্ভ কৰিছে। ৰিপ’ৰ্ট অনুসৰি TRAI–এ ফোন নম্বৰসমূহত ১০টাৰ সলনি ১১টা সংখ্যা কৰাৰ বিষয়ত মানুহৰ পৰা পৰামৰ্শ বিচাৰিছে। TRAI–এ এই সম্পৰ্কত এক পত্ৰ জাৰি কৰিছে যাৰ শিৰোনাম ‘একীকৃত অংক যোজনাৰ বিকাশ’। এই যোজনা ম’বাইল আৰু লেণ্ডলাইন দুয়ো প্ৰকাৰৰ ফোনৰ বাবে। ক্ৰমবৰ্ধমান আবাদীৰ সৈতে টেলিকম কানেকশ্যনৰ দাবীৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰা হৈছে। আহক জানো এই সন্দৰ্ভত কেতবোৰ কথা।

>> টেলিকম কানেকশ্যনৰ দ্ৰুতগতিত বৃদ্ধি পোৱা চাহিদা ইয়াৰ মুখ্য কাৰণৰ ভিতৰত এটা।
>> আচলতি TRAI–এ কেইবাটাও বিকল্পৰ ওপৰত কাম কৰিব বিচাৰিছে, য’ত ম’বাইল নাম্বাৰিং ছিষ্টেমৰ সালসলনিও অন্তৰ্ভুক্ত হৈ আছে।

>> বৰ্তমান ৯, ৮ আৰু ৭ৰে আৰম্ভ হোৱা ম’বাইল নম্বৰৰ সৈতে প্ৰায় ২১০ কোটি নতুন টেলিকম কানেকশ্যন দিব পাৰি।
>> ২০৫০ চনলৈ দেশত বৰ্তমানৰ নম্বৰৰ উপৰি প্ৰায় ২৬০ কোটি নতুন নম্বৰৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে।
>> ইয়াৰ পূৰ্বে ভাৰতে নাম্বাৰিং ছিষ্টেম দুবাৰ সালসলনি কৰিছে। ১৯৯৩ আৰু ২০০৩ত হৈছিল এই সালসলনি। সেই সময়ত ২০০৩ চনত নাম্বাৰিং প্লেনৰ পৰা ৭৫ কোটি নতুন ফোন কানেকশ্যন সৃষ্টি কৰা হৈছিল। ইয়াৰ ভিতৰত ৪৫ কোটি ছেলুলাৰ আৰু ৩০ কোটি বেছিক বা লেণ্ডলাইন ফোন নম্বৰ অন্তৰ্ভুক্ত আছিল।
>> TRAI–ৰ মতে ম’বাইল কানেকশ্যনৰ বৰ্ধিত সংখ্যাৰ বাবে ১০ সংখ্যাযুক্ত ম’বাইল নম্বৰৰ বৰ্তমানৰ ব্যৱস্থা সলনি কৰাৰ সময় আহি পৰিছে।

>> কেৱল ম’বাইল ফোনেই নহয়, ফিক্সড লাইন নম্বৰো ১০টা সংখ্যাৰ নম্বৰলৈ সলনি কৰা হ’ব পাৰে।
>> ইয়াৰ উপৰি যদি ডংগল কানেকশ্যন আপডেট কৰি ১০ৰ পৰা ১৩ সংখ্যাৰ বনোৱা হয়, তেন্তে ৩, ৫, আৰু ৬ সংখ্যাৰ ছিৰিজৰ পৰা আৰম্ভ কৰাত সহায়ক হ’ব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি