আকৌ থিয় হ’ব ‘আহত’ বিক্ৰম! চন্দ্ৰপৃষ্ঠত নিৰাপদে আছে চন্দ্ৰযান–২ৰ লেণ্ডাৰ

ISRO–এ দেওবাৰে লেণ্ডাৰ বিক্ৰমৰ অৱস্থিতিৰ তথ্য লাভ কৰা বুলি প্ৰকাশ কৰিছিল। চন্দ্ৰযান–২ৰ অৰ্বিটাৰে প্ৰেৰণ কৰিছিল লেণ্ডাৰ বিক্ৰমৰ আলোকচিত্ৰ।

News18-Assam
Updated:September 9, 2019, 4:41 PM IST
আকৌ থিয় হ’ব ‘আহত’ বিক্ৰম! চন্দ্ৰপৃষ্ঠত নিৰাপদে আছে চন্দ্ৰযান–২ৰ লেণ্ডাৰ
ISRO–এ দেওবাৰে লেণ্ডাৰ বিক্ৰমৰ অৱস্থিতিৰ তথ্য লাভ কৰা বুলি প্ৰকাশ কৰিছিল। চন্দ্ৰযান–২ৰ অৰ্বিটাৰে প্ৰেৰণ কৰিছিল লেণ্ডাৰ বিক্ৰমৰ আলোকচিত্ৰ।
News18-Assam
Updated: September 9, 2019, 4:41 PM IST
চন্দ্ৰপৃষ্ঠত নিৰাপদে আছে লেণ্ডাৰ বিক্ৰম। সোমবাৰে এই সুখবৰ দিলে ISRO–এ। ISRO–এ জানিবলৈ দিয়া অনুসৰি চন্দ্ৰপৃষ্ঠত হাৰ্ড লেণ্ডিং কৰাৰ পিছতো চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ কোনো ক্ষতি হোৱা নাই। লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে বিজ্ঞানীসকলে। শীঘ্ৰে লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যাব বুলি আশা কৰিছে বিজ্ঞানীসকলে।

ISRO–এ দেওবাৰে লেণ্ডাৰ বিক্ৰমৰ অৱস্থিতিৰ তথ্য লাভ কৰা বুলি প্ৰকাশ কৰিছিল। চন্দ্ৰযান–২ৰ অৰ্বিটাৰে প্ৰেৰণ কৰিছিল লেণ্ডাৰ বিক্ৰমৰ আলোকচিত্ৰ। ইয়াৰ লগে লগে তৎপৰ হৈ পৰিছিল ISROৰ বিজ্ঞানীসকল। ISROৰ বিজ্ঞানীসকলে আশংকা কৰিছিল যে চন্দ্ৰপৃষ্ঠত খুন্দা খাই ক্ষতিগ্ৰস্ত হৈছে লেণ্ডাৰ বিক্ৰম। কিন্তু সোমবাৰে কিছু সকাহ লাভ কৰিলে ISRO–এ।

এতিয়া লেণ্ডাৰ বিক্ৰমৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে ISROৰ হাতত আছে ১২ দিনৰ সময়। এইকেইদিনৰ ভিতৰত সংযোগ স্থাপন কৰিবলৈ নোৱাৰিলে হয়তো ‘মিছন চন্দ্ৰ’ সম্পূৰ্ণ হোৱাৰ আশা নিৰ্বাপিত হ’ব পাৰে। ISRO এগৰাকী জ্যেষ্ঠ বিজ্ঞানীয়ে কয় যে লেণ্ডাৰ বিক্ৰম পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কিন্তু তাত কিছু সীমাবদ্ধতা আছে।

উল্লেখযোগ্য যে শুকুৰবাৰে নিশা চন্দ্ৰপৃষ্ঠত অৱতৰণৰ প্ৰাকমুহূৰ্তত ISROৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ। চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ ২.১ কিলোমিটাৰ দূৰত্বত থকা অৱস্থাত বিচ্ছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰে সংযোগ।

চন্দ্ৰযান–২: চন্দ্ৰত লেণ্ডাৰৰ সন্ধান পোৱা গ’ল, জানক এতিয়া ইছৰ’ই কি কৰিব?
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি