ল’ক ডাউনৰ ডিজিটেল পৃথিৱীৰ পৰা প্ৰকৃতিলৈঃ মণিপুৰৰ যুৱকে বাঁহেৰে নিৰ্মাণ কৰিলে ম’বাইল ট্ৰাইপড

News18 Assam | News18-Assam
Updated:September 11, 2020, 11:35 PM IST
ল’ক ডাউনৰ ডিজিটেল পৃথিৱীৰ পৰা প্ৰকৃতিলৈঃ মণিপুৰৰ যুৱকে বাঁহেৰে নিৰ্মাণ কৰিলে ম’বাইল ট্ৰাইপড
বাঁহৰ পৰা তৈয়াৰ কৰা এই ট্ৰাইপড অত্যন্ত পাতল আৰু ইয়াৰ ওজন ৪০০ গ্ৰাম৷ বাঁহেৰে নিৰ্মিত ম’বাইলৰ এই ট্ৰাইপডটো কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ আৰু সুবিধাজনক৷

বাঁহৰ পৰা তৈয়াৰ কৰা এই ট্ৰাইপড অত্যন্ত পাতল আৰু ইয়াৰ ওজন ৪০০ গ্ৰাম৷ বাঁহেৰে নিৰ্মিত ম’বাইলৰ এই ট্ৰাইপডটো কঢ়িয়াই লৈ ফুৰিবলৈ অতি সহজ আৰু সুবিধাজনক৷

  • News18 Assam
  • Last Updated: September 11, 2020, 11:35 PM IST
  • Share this:
২৬ বছৰীয়া ৰমেশ কনচামে নিজৰ ইউটিউব চেনেলৰ বাবে ভিডিঅ'ৰ দৃশ্যগ্ৰহণ কৰিবলৈ ই- কমাৰ্চ চাইটৰ পৰা এটা ট্ৰাইপড অৰ্ডাৰ দিছিল ৷ কিন্তু ল’ক ডাউনৰ কাৰণে গ্ৰাহক সকলক সামগ্ৰী যোগান ধৰিব পৰা নাছিল ই-কমাৰ্চ চাইটবোৰে ৷ যাৰ বাবে বিপাঙত পৰে ৰমেশ কনচাম ৷ কাৰণ ৰমেশে নিজৰ ইউটিউব চেনেলৰ বাবে বেছিভাগ ভিডিঅ'ৰ দৃশ্যগ্ৰহণ কৰে মোবাইলৰ যোগেদি। আৰু সেইসমূহ আপলোড কৰে নিজৰ ইউটিউব চেনেলত। কোভিড-১৯ৰ সময়ত এনেকুৱা এটা প্ৰৱণতা জাগিছিল ৰমেশৰ যিটো প্ৰকাশ পাইছিল তেওঁৰ কৰ্মত ৷

‘মোক জৰুৰীভাৱে অতি প্ৰয়োজন হৈছিল এটা ট্ৰাইপডৰ ৷ দুৰ্ভাগ্য ক্ৰমে যিটো ই-কমাৰ্চ চাইটত মই মোবাইলৰ ট্ৰাইপড অৰ্ডাৰ দিছিলো। কোভিড-১৯ৰ বাবে মোক যোগান ধৰিব নোৱাৰিলে তেওঁলোকে ৷ তেতিয়াই মই সিদ্ধান্ত ল'লো যে, মই নিজেই এটা ট্ৰাইপড নিৰ্মাণ কৰিম ৷ লগে লগে মই বাঁহেৰে এটা ট্ৰাইপড নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিলো, যিটো মোৰ বাবে সহজ বিকল্প আছিল ৷ ট্ৰাইপডটো নিৰ্মাণ কৰোতে তাৰ সামগ্ৰী সমূহ আৰু গঠনৰ ক্ষেত্ৰত মোক অবিকল এখন ফটোৱে যথেষ্ট সহায় কৰিছিল ৷’



কলেজ এৰাৰ পিছত বাঁহৰ কাম কৰাটো ৰমেশৰ বাবে আছিল এটা সাধাৰণ কথা ৷ ২০১৯ চনৰ শেষৰ ফালে ৰমেশে নিজে তৈয়াৰ কৰা বাঁহৰ বিভিন্ন সামগ্ৰী বিক্ৰী কৰিবলৈ পশ্চিম মণিপুৰৰ ইম্ফলত এখন দোকান খুলিছিল ৷ ৰমেশে স্থানীয়ভাৱে উপলব্ধ বিভিন্ন বাঁহ ব্যৱহাৰ কৰি ২০১৩ৰ পৰা বাণিজ্যিকভাৱে বিভিন্ন বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে ৷

বাঁহৰ ট্ৰাইপড বজাৰৰ আন আন ট্ৰাইপডৰ দৰেই সাধাৰণভাৱে কাম কৰে ৷ ট্ৰাইপড নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা বাঁহসমূহৰ ম্যাদ বৃদ্ধি কৰিবলৈ জুইত সেকি তাত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ কৰা হয় ৷ বাঁহ সমূহত নিৰ্দিষ্ট অংশ সমূহত ভাজ দি সুবিধা অনুসৰি ট্ৰাইপডটো ব্যৱহাৰ কৰাৰ বাবে স্ক্ৰু ব্যৱহাৰ কৰা হৈছে ৷ এই ট্ৰাইপডটো সম্পূৰ্ণ জৈৱিক আৰু পৰিবেশ অনুকূল ৷

‘প্ৰথমে ট্ৰাইপডটো নিৰ্মাণ কৰোতে মোক ৭ দিনৰ প্ৰয়োজন হৈছিল ৷ এতিয়া মই চাৰিদিন এটা ট্ৰাইপড নিৰ্মাণ কৰিব পাৰো ৷ মোৰ ওচৰত এতিয়া এনেধৰণৰ ২৫টা ট্ৰাইপডৰ অৰ্ডাৰ দিছে গ্ৰাহকে ৷ আটাইকেইটা অৰ্ডাৰ মণিপুৰৰ পৰা দিছে ৷ তাৰমাজতে মুম্বাই আৰু বিহাৰৰ পৰা মোলৈ দুজন লোকে ফোন কৰিছে। তেওঁলোকে মোক ট্ৰাইপড নিৰ্মাণৰ বাবে প্ৰশিক্ষণ দিব বিচাৰিছে ৷’ এইদৰে কয় ৰমেশে ৷

বাঁহৰ ট্ৰাইপডৰ আগতে ৰমেশে ইম্ফলৰ কংলা দুৰ্গৰ ঐতিহাসিক কাংলা গেটখনৰ বাঁহেৰে এটা অবিকল প্ৰতিৰূপ তৈয়াৰ কৰিছিল ৷ তেওঁ এই পৰ্যন্ত প্ৰায় ১০টা কংলা গেটৰ অবিকল প্ৰতিৰূপ বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৷ গেটৰ লগতে ৰমেশে বাঁহেৰে নিৰ্মাণ কৰা কলমৰো যথেষ্ট চাহিদা আছে ৷

ৰমেশে কয় যে, ‘মই বাঁহৰ প্ৰতিটো ট্ৰাইপডৰ বাবে ৯০০ টকা লও ৷ তেওঁ এতিয়া বাঁহৰ ট্ৰাইপডেৰে নিজৰ ইউটিউবৰ শ্বুটিং কৰি আছে আৰু তেওঁ বিশ্বাস কৰে যে, স্থানীয়ভাৱে তেওঁৰ ট্ৰাইপডে ডিজিটেল মাধ্যমত স্থান দখল কৰা আৰু তেওঁ নিৰ্মাণ কৰা বাঁহৰ ট্ৰাইপডে বিশ্বজুৰি স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত আৰু বহু দূৰ আছে ৷’
Published by: Himangshu Bhuyan
First published: September 11, 2020, 11:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading