সোনকালে ম’বাইলৰ ডাটা শেষ হৈছে নেকি? বন্ধ কৰক ফেচবুকৰ এই ছেটিংছ

News18 Assam | News18-Assam
Updated:March 27, 2020, 7:48 AM IST
সোনকালে ম’বাইলৰ ডাটা শেষ হৈছে নেকি? বন্ধ কৰক ফেচবুকৰ এই ছেটিংছ
ফেচবুকত কিছু এনেকুৱা ফিচাৰো আছে যিয়ে আমাক আমনি দিয়ে।

ফেচবুকত কিছু এনেকুৱা ফিচাৰো আছে যিয়ে আমাক আমনি দিয়ে।

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে ঘৰতে বহি থাকিবলগীয়া হোৱা বাবে ছচিয়েল মিডিয়াৰ ব্যৱহাৰ অধিক হৈছে। ফেচবুক পোষ্ট কৰা, ফটো আপলোড কৰা আদি কাম কৰিছে ব্যৱহাৰকাৰীসকলে। ইয়াৰ লগতে ফেচবুকে ঘৰতে থকা আমাক সকলোকে সংযোগ কৰাত সহায় কৰিছে। কিন্তু ফেচবুকত কিছু এনেকুৱা ফিচাৰো আছে যিয়ে আমাক আমনি দিয়ে। এই ফিচাৰসমূহৰ ভিতৰত আটাইতকৈ সমস্যা কৰে অটোপ্লে’ ভিডিঅ’ ফিচাৰ।

এটা ভিডিঅ’ চোৱাৰ পিছত নিজে নিজে আনটো ভিডিঅ’ প্লে’ হ’বলৈ ধৰে। ইয়াৰ দ্বাৰা ডাটা খৰচ হোৱাই নহয় ব্যৱহাৰকাৰীয়েও আমনি পায়। আজি আমি আপোনাক ইয়াৰ পৰা ৰেহাই পোৱাৰ উপায় ক’ব বিচাৰিছো।

যদি আপুনি ডেস্কটপত ফেচবুক চলায় তেন্তে অটোপ্লে’ ভিডিঅ’ অফ কৰাৰ বাবে প্ৰথমে ছেটিংছলৈ যাওক। ইয়াৰ পিছত বাওঁফালে থকা মেন্যুত ভিডিঅ’ত ক্লিক কৰক। ইয়াত আপুনি অটো প্লে’ ভিডিঅ’ৰ অপচন পাব। ইয়াত আপুনি ডিফল্টৰ সলনি NO ছিলেক্ট কৰিব লাগিব, ইয়াৰ পিছত আপোনাৰ ফেচবুকত অটো ভিডিঅ’ প্লে’ হোৱা বন্ধ হ’ব।

এনড্ৰইড আৰু আইফোনত কেনেকৈ কৰিব অফ?
ইয়াৰ বাবে প্ৰথমে আপুনি ফেচবুক এপ অপেন কৰক, তাৰ পিছত তলৰ বাৰত থকা মেন্যুত ক্লিক কৰক। তাৰ পিছত Settings & Privacyলৈ গৈ Settingsত ক্লিক কৰক। ইয়াৰ পিছত Media and Contactsত গৈ Videos and Photos টেপ কৰক।

ইয়াৰ পিছত অটোপ্লে’ত ক্লিক কৰক, ইয়াত On Mobile Data and Wi-Fi Connections, On Wi-Fi Connections Only আৰু Never Autoplay Videosৰ দৰে তিনিটা অপচন দেখিব য’ত আপুনি Never Autoplay Videos ছিলেক্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনাৰ এপত অটোপ্লে’ ভিডিঅ’ বন্ধ হৈ যাব।
আৰু চাওক
পৰৱৰ্তী বাতৰি