ভাৰতীয় বজাৰৰ আগশাৰীৰ নেটৱৰ্ক প্ৰদানকাৰী কোম্পানী ৰিলায়েন্স জিঅ' (Reliance Jio)ৰ গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ আছে। হয়, Jioই আকৌ এবাৰ দ্ৰুত ইণ্টাৰনেট গতিৰ ক্ষেত্ৰত নিজকে প্ৰমাণ কৰিছে। প্ৰতি ছেকেণ্ডত ২০.৭ মেগাবাইট গড় ডাউনলোড গতিৰে ৰিলায়েন্স জিঅ'ই ৪-জি সেৱা খণ্ডত নিজৰ নেতৃত্ব বাহাল ৰাখিছে। আনহাতে একেটা মাহ মে'ত ভোডাফোন আইডিয়াই ৬.৭ এমবিপিএছ ডাটা গতিৰে আপলোড শাখাত শীৰ্ষস্থান দখল কৰিছে। এই তথ্য প্ৰকাশ কৰিছে টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়াই (TRAI)।
উল্লেখ্য, Reliance Jioৰ ৪–জি নেটৱৰ্কৰ গতি সামান্য বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল, যি ইয়াৰ নিকটতম প্ৰতিযোগী ভোডাফোন আইডিয়াৰ গড় ডাউনলোড গতি ৬.৩ এমবিপিএছতকৈ তিনিগুণ অধিক আছিল। TRAIএ ২০১৮ চনৰ আগষ্টত ভোডাফোন আৰু আইডিয়া(Vodafone Idea)ৰ একত্ৰীকৰণৰ পিছত প্ৰথমবাৰৰ কাৰণে দুয়োটা সেৱাৰ তথ্য একেলগে দেখুৱাইছে এইবাৰ। ৮ জুনত ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, এয়াৰটেলৰ ৪–জি ডাউনলোডৰ গড় গতি (download speed) আছিল ৪.৭ এমবিপিএছ (mbps)। সেই হিচাপে এয়াৰটেলৰ তুলনাত Reliance Jioৰ ডাউনলোড গতি ৪ গুণ অধিক।
উল্লেখ্য, গ্ৰাহকসকলক ইণ্টাৰনেটৰ পৰা সমলপ্ৰাপ্ত কৰাত সহায় কৰে ডাউনলোড গতিয়ে আৰু আপলোড গতিয়ে ছবি বা ভিডিঅ' প্ৰেৰণ বা শ্বেয়াৰ কৰাত সহায় কৰে। TRAIৰ মতে, মে' মাহত ভোডাফোন আইডিয়াৰ গড় আপলোড গতি আছিল ৬.৩ এমবিপিএছ। ইয়াৰ পিছত ৰিলায়েন্স জিঅ'ই ৪.২ এমবিপিএছ আপলোড গতিৰে দ্বিতীয় স্থানত আছে আৰু ভাৰতী এয়াৰটেলৰ আপলোড গতি আছিল ৩.৬ এমবিপিএছ।
আনহাতে টেলিকম অপাৰেটৰ বিএছএনএল-এ নিৰ্বাচিত এলেকাবোৰত ৪–জি সেৱা আৰম্ভ কৰিছে যদিও টেলিকম ৰেগুলেটৰী অথৰিটী অৱ ইণ্ডিয়া (TRAI)ৰ চাৰ্টত ইয়াৰ তথ্য নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|